সমগ্ৰ দেশৰ বাবে এক সুখবৰ। এতিয়াৰে পৰা দেশত সম্পৰ্ণৰূপে নাইকীয়া কৰিব পৰা যাব বিদ্যুতৰ সংকট। ৰাজস্থানৰ ছিকাৰত ইউৰেনিয়াম খননৰ অনুমোদন আৰু আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পিছত দেশখনে পাৰমাণৱিক শক্তি উৎপাদনৰ বাবে বৃহৎ ইউৰেনিয়াম ভাণ্ডাৰ লাভ কৰিব।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে বুধবাৰে লোকসভাত এই তথ্য প্ৰদান কৰে। তেওঁ কয় যে ছিকাৰত ইউৰেনিয়ামৰ বৃহৎ ভাণ্ডাৰ আৱিষ্কাৰ সন্দৰ্ভত সাংসদগৰাকীয়ে দিয়া তথ্য একেবাৰে শুদ্ধ।
চিপিআইৰ সাংসদ আমৰা ৰামে উত্থাপন কৰা পৰিপূৰক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে পৰিৱেশ অনুমোদনৰ অভাৱত কাম স্থবিৰ হৈ পৰিছে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগ বজাই ৰখা হৈছে। খননৰ অনুমোদন আৰু আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ পিছত আমি নিশ্চিতভাৱে ৰাজস্থানৰ পৰা এটা ডাঙৰ ইউৰেনিয়াম ভাণ্ডাৰ লাভ কৰিম।
উল্লেখ্য যে, মন্ত্ৰী জীতেন্দ্ৰ সিঙে এই উত্তৰ প্ৰদান কৰি থকাৰ সময়ত সদনত উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সিঙে কয় যে দেশত চলি থকা মুঠ ২৫টা পাৰমাণৱিক শক্তি ৰিয়েক্টৰৰ ভিতৰত সৰ্বাধিক ৭টা আছে ৰাজস্থানত।
ইয়াৰ উপৰি তেওঁ কয় যে এইবাৰ বাজেটত পাৰমাণৱিক অভিযানৰ কথা ঘোষণা কৰা হৈছে আৰু ইয়াৰ বাবে সুকীয়া ধন নিৰ্ধাৰণ কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ২০১৩-১৪ চনত পাৰমাণৱিক শক্তিৰ বাজেট ১৩,৮৭৯ কোটি টকা আছিল যদিও এতিয়া ২৩ হাজাৰ কোটি টকালৈ বৃদ্ধি পাইছে।
চৰকাৰে পাৰমাণৱিক শক্তিৰ সম্ভাৱনা ২০৩১-৩২ চনৰ ভিতৰত বৰ্তমানৰ ৮,১৮০ মেগাৱাটৰ পৰা ২২,৪৮০ মেগাৱাটলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে।