গুৰুতৰভাৱে অসুস্থ হৈছে কলকাতা নাইট ৰাইডাৰ্ছৰ তাৰকা অলৰাউণ্ডাৰ সুনীল নাৰিন। ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰগৰাকী সম্প্ৰতি গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।
২৬ মাৰ্চ অৰ্থাত বুধবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হৈ যোৱা কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থান ৰয়েলছৰ মেচখনৰ বাবে সুনীল নাৰিন আহিছিল গুৱাহাটীলৈ। কিন্তু মেচখনৰ প্ৰাকমুহূৰ্তত হঠাৎ অসুস্থ হৈ পৰা বাবে তেওঁক ততাতয়াকৈ খানাপাৰাস্থিত হেল্থ চিটি হাস্পতালত ভৰ্তি কৰোৱা হয়।
অসুস্থতাৰ বাবে তাৰকা অলৰাউণ্ডাৰগৰাকীয়ে বুধবাৰে অনুষ্ঠিত হৈ যোৱা মেচখনতো অংশ ল’ব পৰা নাছিল। তেওঁৰ ঠাইত দলে মূল একাদশত স্থান দিছিল ইংলেণ্ডৰ অলৰাউণ্ডাৰ মঈন আলীক।
ইফালে অসুস্থতাৰ খবৰ লাভ কৰাৰ পিছতে কলকাতা নাইট ৰাইডাৰ্ছৰ স্বত্বাধিকাৰী শ্বাহৰুখ খানে ভিডিঅ’ কলযোগে ক্ৰিকেটাৰগৰাকীৰ স্বাস্থ্যৰ বুজ লয়।
কি ৰোগত আক্ৰান্ত হৈ ক্ৰিকেটাৰগৰাকী হাস্পতালত ভৰ্তি হৈ আছে আৰু সম্প্ৰতি তেওঁৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা সেই কথা এই পৰ্যন্ত জানিব পৰা হোৱা নাই। ইফালে হাস্পতাল কৰ্তৃপক্ষ আৰু KKRৰ তৰফৰ পৰাও ক্ৰিকেটাৰগৰাকীৰ স্বাস্থ্য সন্দৰ্ভত কোনো তথ্য প্ৰদান কৰা নাই।
উল্লেখ্য যে, বুধবাৰে অনুষ্ঠিত হৈ যোৱা মেচখনত ঘৰুৱা দল ৰাজস্থান ৰয়েলছক ৮ উইকেটত পৰাস্ত কৰে কলকাতা নাইট ৰাইডাৰ্ছে। চলিত ছিজনত ৰিয়ান নেতৃত্বাধীন ৰাজস্থান ৰয়েলছৰ এয়া ক্ৰমাগত দ্বিতীয় পৰাজয়।