নৱেম্বৰত ৰাজ্যত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। ইতিমধ্যে পঞ্চায়ত নিৰ্বাচন পৰিচালনা কৰিবৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰিছে সমিতি। জিলা পৰিষদ, আঞ্চলিক পৰিষদ পৰ্যায়ত বিশেষ সমিতি গঠন কৰিলে চৰকাৰে। নিৰ্বাচন সমাপ্ত নোহোৱা পৰ্যন্ত বাহাল থাকিব এই সমিতি।
পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই বিশেষ সমিতি গঠন কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ইফালে, গাঁও পঞ্চায়ত পৰিচালনা কৰিবৰ বাবে বিশেষ কমিটি গঠন চৰকাৰৰ। জিলা পৰিষদ পৰিচালনা কৰাৰ বাবে জিলাখনৰ অভিভাৱক মন্ত্ৰীক দায়িত্ব অৰ্পন কৰা হৈছে। একেদৰে আঞ্চলিক পৰিষদ পৰিচালনা কৰিবৰ বাবে বিধায়কক দায়িত্ব অৰ্পন কৰিছে মুখ্যমন্ত্ৰীয়ে।
উল্লেখ্য যে, লোকসভা নিৰ্বাচন অন্ত পৰাৰ পিছতে পঞ্চায়ত নিৰ্বাচনৰ বাবে যো-জা আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে। আনহাতে, নিৰ্বাচনৰ পূৰ্বে পঞ্চায়তৰ সীমা নিৰ্ধাৰণৰ বাবে সময়সীমা বান্ধি দিছে মুখ্যমন্ত্ৰীয়ে।
ছেপ্টেম্বৰ মাহৰ ভিতৰত সমন্ন হ’ব পঞ্চায়ত আৰু ব্লকৰ সীমাৰ পুনৰ নিৰ্ধাৰণ। এটা ব্লকৰ ভিতৰত থাকিব ১৭টা গাঁও পঞ্চায়ত। পঞ্চায়তৰ সীমা পুনঃনিৰ্ধাৰণ কৰাৰ পিছতহে অনুষ্ঠিত হ’ব ৰাজ্যত পঞ্চায়ত নিৰ্বাচন।