জম্মু-কাশ্মীৰৰ কঠুৱা জিলাত সোমবাৰে ভাৰতীয় সেনাৰ কনভয়ত হঠাৎ আক্ৰমণ কৰে সন্ত্ৰাসবাদীয়ে। সন্ত্ৰাসবাদীৰ গুলীচালনাৰ পিছত ভাৰতীয় জোৱানেও প্ৰত্যুত্তৰত গুলীচালনা কৰে। দুয়োপক্ষৰ গুলীচালনাত আহত হয় দুজন সেনা জোৱান।
এই ঘটনা সংঘটিত হৈছে জিলাখনৰ মাচেদি অঞ্চলত। জানিব পৰা অনুসৰি, এই অঞ্চল ভাৰতীয় সেনাৰ ৯ কৰ্পৰ অধীনলৈ আহে। সম্প্ৰতি বৃহৎ পৰিসৰৰ অনুসন্ধান অভিযান চলোৱা হৈছে। এই বিষয় সন্দৰ্ভত অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে।
উল্লেখ্য যে, দুদিন পূৰ্বে কুলগাম জিলাৰ দুটা ভিন্ন স্থানত সন্ত্ৰাসবাদী আৰু জোৱানৰ মাজত এনকাউণ্টাৰ হৈছিল। এই সময়ছোৱাত মুঠ ৮ জন সন্ত্ৰাসবাদী নিহত হয়। মডেৰগাম আৰু চিন্নিগাম গাঁৱত সংঘটিত হোৱা এই এনকাউণ্টাৰত শ্বহীদ হৈছিল দুজন জোৱান।
সন্ত্ৰাসবদীৰ গুলীত শ্বহীদ হৈছিল এলীট পেৰা ইউনিটৰ লেন্স নায়ক প্ৰদীপ কুমাৰ আৰু ৰাষ্ট্ৰীয় ৰাইফলছ বেটেলিয়নৰ কনিষ্টবল প্ৰবীণ জঞ্জাল প্ৰভাকৰৰ।