অসমবাসীৰ বাবে সু-খবৰ। কিয়নো সকলো ঠিকে থাকিলে শীঘ্ৰেই অসমীয়া ভাষাই লাভ কৰিব পাৰে ধ্ৰুপদী ভাষাৰ স্বীকৃতি। ১০ অক্টোবৰত এখন কমিটি গঠন কৰাৰ পিছত সেই কমিটিয়ে এখন প্ৰতিবেদনৰ জৰিয়তে কেইবাটাও ভাৰতীয় ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিবলৈ পৰামৰ্শ প্ৰদান কৰিছিল।
এই প্ৰতিবেদনৰ ভিত্তিতে কেন্দ্ৰীয় সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰালয়ে শীঘ্ৰে জাননীৰ যোগেদি নিয়মাৱলীৰ সংশোধন ঘটায় কেইবাটাও ভাৰতীয় ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰাৰ সম্ভাৱনা আছে। অকল অসমীয়াই নহয়, অসমীয়াৰ লগতে মাৰাঠী, বাংলা, মৈথিলী ভাষাই লাভ কৰিব ধ্ৰুপদী ভাষাৰ স্বীকৃতি।
ধ্ৰুপদী ভাষা হৈছে এটা স্বীকৃতি। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিলে কেইবাটাও মৰ্যদা লাভ কৰিব। ভাষাৰ উত্তৰণত অৱদান আগবঢ়াই যোৱা সকলৰ কাৰণে থাকিব আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি।
দ্বিতীয়তে ভাষাৰ অধ্যয়নৰ বাবে ‘Centre of Excellence’ কেন্দ্ৰ খুলিব লাগিব কেন্দ্ৰই । লগতে, কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত ধ্ৰুপদী ভাষাৰ গৱেষণাৰ কাৰণে বিশ্ববিদ্যালয় অনুদান আয়োগে দিব লাগিব অনুদান।
উল্লেখ্য যে, বৰ্তমানলৈ ভাৰতৰ ছয়টা ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিছে। ২০০৪ চনত তামিল ভাষাক স্বীকৃতি প্ৰদান কৰা হয়। একেদৰে, সংস্কৃত (২০০৫), কানাড়া (২০০৮), তেলেগু (২০০৮), মালায়লম (২০১৩) আৰু ওড়িয়া ভাষাক ২০১৪ চনত ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰা হয়।