এক ভয়ংকৰ দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। বাছ আৰু টেংকাৰৰ মাজত সংঘটিত হোৱা দুৰ্ঘটনাত ১৮ জন লোক নিহত হয়। আনহাতে, দুৰ্ঘটনাত ১৯ জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। বুধবাৰে পুৱতি নিশা সংঘটিত হৈছে এই ঘটনা।
উত্তৰ প্ৰদেশৰ উন্নাও জিলাত বুধবাৰে পুৱা আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱেত বিহাৰৰ পৰা দিল্লী অভিমুখে যোৱা এখন স্লিপাৰ বাছে গাখীৰৰ টেংকাৰত খুন্দা মৰাৰ ফলত প্ৰায় ১৮ জন লোক নিহত হয় আৰু ১৯ জন আহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
উন্নাও জিলাৰ বেহতা মুজাৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত জোজিকোট গাঁৱত এই দুৰ্ঘটনা সংঘটিত হৈছে।
আৰক্ষীয়ে জনোৱা অনুসৰি, বিহাৰৰ পৰা দিল্লীলৈ যোৱা এখন ডবল ডেকাৰ বাছে এখন গাখীৰৰ টেংকাৰক খুন্দা মৰাৰ ফলত পুৱা প্ৰায় ৫ বাজি ১৫ মিনিটত দুৰ্ঘটনাটো সংঘটিত হয়।
আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰি চিএইচচি বাংগাৰমাউত ভৰ্তি কৰে। ইফালে, মৃতদেহবোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে।
ইফালে, এই সমগ্ৰ ঘটনাত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শোক প্ৰকাশ কৰি আহতসকলৰ চিকিৎসাৰ বাবে তাৎক্ষণিক ব্যৱস্থা ল’বলৈ স্থানীয় প্ৰশাসনক নিৰ্দেশ দিয়ে।