ড’নাল্ড ট্ৰাম্পৰ শুল্ক নীতিৰ বাবে সমগ্ৰ বিশ্বতে সৃষ্টি হৈছে আলোড়নৰ। বিশেষকৈ চীন আৰু আমেৰিকাৰ মাজত চলি থকা বাণিজ্য যুদ্ধই বহু ক্ষেত্ৰত গুৰুতৰ প্ৰভাৱ পেলাইছে। শেহতীয়া খবৰ অনুসৰি এতিয়া আইফোনৰ দামতো ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।
জানো আহক টেক বিশেষজ্ঞসকলে কিয় আগন্তুক সময়ত আইফোন বৰ্তমানৰ দামৰ তিনিগুণ দামত বিক্ৰী হ’ব বুলি কৈছে।
ড’নাল্ড ট্ৰাম্পে যেতিয়া প্ৰত্যুত্তৰমূলক শুল্ক নীতি কাৰ্যকৰী কৰিছিল তেতিয়া তেওঁ দাবী কৰিছিল যে তেওঁৰ নতুন শুল্ক নীতিয়ে আমেৰিকালৈ চাকৰি আৰু কাৰখানা ঘূৰাই আনিব। কিন্তু টেক বিশেষজ্ঞসকলৰ মতে ইয়াৰ ফলত স্মাৰ্টফোনৰ দাম বৃহৎ পৰিমাণে বৃদ্ধি পাব পাৰে।
চিএনএনত প্ৰকাশিত এক বাতৰি অনুসৰি ৱেডবুছ ছিকিউৰিটিজৰ গ্ল’বেল টেকন’লজি ৰিচাৰ্চ হেড ডেন আইভছে এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে যে যদিহে আইফোনৰ উৎপাদন আমেৰিকাত আৰম্ভ হয়, তেন্তে ইয়াৰ মূল্য প্ৰায় ৩৫০০ ডলাৰ (প্ৰায় ৩.৫ লাখ টকা) হ’ব পাৰে, যিটো বৰ্তমানৰ মূল্যতকৈ তিনিগুণ বেছি। আইফোন ব্যয়বহুল হোৱাৰ আঁৰৰ মূল কাৰণটো হ’ল আমেৰিকাত উৎপাদন ব্যয় বৃদ্ধি।