আই পি এল ২০২৫ৰ ২৪ সংখ্যক মেচত আৰ চি বিয়ে দিল্লী কেপিটেলছৰ হাতত ৬ উইকেটত পৰাস্ত হয়। দিল্লী কেপিটেলছৰ এই জয়ত কে এল ৰাহুলে আগবঢ়াই অনবদ্য অবদান। ৰাহুলে ৫৩টা বলত ৯৩ ৰানৰ অপৰাজিত ইনিংছ খেলে। তেওঁৰ ইনিংছত আছিল ৭টা চাৰি আৰু ৬টা ছয়।
উল্লেখ্য যে এই ছিজনত এতিয়ালৈকে এখনো মেচত পৰাস্ত হোৱা নাই দিল্লী। ১০ এপ্ৰিলত খেলা মেচখনত ৰাহুলৰ নামত সংযোজন হয় এক বিশেষ অভিলেখ।
আই পি এলৰ ইতিহাসত সৰ্বাধিকবাৰ ৯০ ৰান সংগ্ৰহ কৰা বেটছমেন হিচাপে পৰিগণিত হৈছে কে এল ৰাহুল। আৰ চি বিৰ বিৰুদ্ধে খেলা দৰ্শনীয় ইনিংছৰ সহায়ত তেওঁ ডেভিড ৱাৰ্নাৰৰ অভিলেখ স্পৰ্শ কৰে। আই পি এল ইতিহাসত দুয়োজন ক্ৰিকেটাৰে সৰ্বাধিকবাৰ ৯০ বা তাতোকৈ অধিক ৰান কৰিবলৈ সক্ষম হৈছে।
ৰাহুলে আৰ চি বিৰ বিৰুদ্ধে খেলা ইনিংছৰ সহায়ত কোহলী আৰু ক্ৰিছ গেইলৰ অভিলেখ অতিক্ৰম কৰে। কোহলীয়ে আই পি এল কেৰিয়াৰত ৫ বাৰ ৯০ ৰানৰ ইনিংছ খেলাৰ বিপৰীতে ক্ৰিছ গেইলে ৪ বাৰ এই স্ক’ৰ কৰিবলৈ সক্ষম হৈছিল।
আই পি এলত সৰ্বাধিক ৯০ ৰান বা তাতোকৈ অধিক ৰানৰ ইনিংছ খেলা বেটছমেন
৬* – কে এল ৰাহুল (১২৬ ইনিংছ)
৬ – ডেভিড ৱাৰ্নাৰ (১৮৪ ইনিংছ)
৫ – শিখৰ ধাৱন (২২১ ইনিংছ)
৫ – বিৰাট কোহলী (২৪৯ ইনিংছ)
৪ – ক্ৰিছ গেইল (১৪১ ইনিংছ)
ইয়াৰ উপৰি কে এল ৰাহুলে আন এক অভিলেখৰো গৰাকী হয়। আই পি এল ইতিহাসত ৫০ বা তাতোকৈ অধিক ৰান সংগ্ৰহ কৰাৰ ক্ষেত্ৰতো স্পৰ্শ কৰে এ বি ডি ভিলিয়াৰ্ছৰ অভিলেখ। দুয়োজনে ৪৩ বাৰ এই কৃতিত্ব গঢ়িছে। এই ক্ষেত্ৰত শীৰ্ষত আছে ডেভিড ৱাৰ্নাৰ। ৱাৰ্নাৰে ৬৬ বাৰ অৰ্ধশতক বাব তাতোকৈ অধিক ৰানৰ ইনিংছ খেলিছিল।
আই পি এলত ৫০ বা তাতোকৌ অধিক ৰানৰ ইনিংছ খেলা ক্ৰিকেটাৰ
৬৬- ডেভিড ৱাৰ্নাৰ
৬৫- বিৰাট কোহলী
৫৩- শিখৰ ধাৱান
৪৫- ৰোহিত শৰ্মা
৪৩- কে এল ৰাহুল
৪৩- এ বি ডি ভিলিয়াৰ্ছ