চৰকাৰী শিক্ষকৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ। মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ দিনটোতে নামনি অসমৰ ধুবুৰীত কৰ্তন কৰা হ’ল ৩৬৮ গৰাকী শিক্ষকৰ দৰমহা। ধুবুৰী জিলাৰ ৩৬৮ গৰাকী শিক্ষকৰ দৰমহা কৰ্তনক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শিক্ষকসকলৰ মাজত।
উল্লেখ্য যে, শিক্ষকসকলে বিদ্যালয়ত নিয়মীয়া উপস্থিতিৰ তথ্য প্ৰদান কৰাৰ বাবে ৰাজ্য চৰকাৰে আনিছিল শিক্ষা সেতুৰ এপ। কিন্তু শেহতীয়াকৈ শিক্ষকসকলে এই এপত নিজৰ উপস্থিতিৰ তথ্য নিদিয়াক লৈ কঠোৰ হৈছে শিক্ষা বিভাগ। যিহেতু শিক্ষা বিভাগে পূৰ্বতে জাননীযোগে শিক্ষা সেতুত উপস্থিতি প্ৰদান কৰাটো বাধ্যতামূলক কৰিছিল।
কিন্তু কঠোৰ নিৰ্দেশনাৰ পাছতো একাংশ শিক্ষকে শিক্ষা সেতু এপত নিজৰ উপস্থিতি প্ৰদান নকৰাত ধুবুৰী শিক্ষা বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি দৰমহা কৰ্তনৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰে।
দৰমহা কৰ্তনৰ পিছতে শিক্ষকসকলৰ মাজত তীব্ৰ ক্ষোভ অসন্তুষ্টি দেখা দিয়াৰ লগতে শিক্ষকসকলে বিদ্যালয়সমূহত নেটৱৰ্কৰ সমস্যাই দেখা দিয়ে বুলি অজুহাত দেখুৱাই নিজৰ দোষ শিক্ষা বিভাগৰ ওপৰত জাপি দিয়াৰ চেষ্টা কৰে।
ইয়াৰ পূৰ্বেও শিক্ষাসেতুৰ উপস্থিতিক লৈ ৰাজ্যৰ শিক্ষা বিভাগে তদন্ত কমিটীৰ জৰিয়তে সমস্যাসমূহ সমাধান কৰাৰ চেষ্টা কৰিছিল। তাৰ পিছতো একাংশ শিক্ষকে ৰাজ্য চৰকাৰক ভেঙুচালী কৰা বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে।