দেশত ৱাকফ সংশোধনী আইন কাৰ্যকৰী হোৱাৰ পিছত সম্ভৱতঃ প্ৰথমবাৰৰ বাবে কোনো মাদ্ৰাছাত চলিল বুলড’জাৰ। দৰাচলতে শেহতীয়াকৈ মধ্য প্ৰদেশৰ বিজেপিৰ ৰাজ্যিক সভাপতি বিষ্ণু দত্ত শৰ্মাই অভিযোগ কৰিছিল যে চৰকাৰী ভূমিত অবৈধভাৱে মাদ্ৰাছা নিৰ্মাণ কৰি অবৈধ কাৰ্যকলাপ চলোৱা হৈছে।
এই অভিযোগৰ ভিত্তিত প্ৰশাসনে মাদ্ৰাছাখনলৈ জাননী প্ৰেৰণ কৰি দেওবাৰে পুৱাৰে পৰা মাদ্ৰাছা ভাঙি পেলোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হয়।
আচলতে পন্নাৰ ২৬ নং ৱাৰ্ডৰ চৰকাৰী ভূমিত ২০ বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল এটা মছজিদ। ইয়াৰ অভিযোগ দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতিয়ে। অভিযোগত উল্লেখ কৰিছিল যে চৰকাৰী ভূমিত মাদ্ৰাছা নিৰ্মাণ কৰি অবৈধ কাৰ্যকলাপ চলাই আছে।
এই অভিযোগৰ পিছতে প্ৰশাসনৰ তৰফৰ পৰা মাদ্ৰাছা কৰ্তৃপক্ষলৈ জাননী প্ৰেৰণ কৰে। জাননী লাভ কৰাৰ পিছতে মাদ্ৰাছা কৰ্তৃপক্ষৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু তেওঁলোকে নিজেই বুলড’জাৰ মাতি মাদ্ৰাছাখন ভাঙি দিয়ে।
মাদ্ৰাছাখনৰ সঞ্চালক মহম্মদ নাছিমে কয় যে আমি মাদ্ৰাছা আঁতৰোৱাৰ জাননী লাভ কৰিছো। প্ৰশাসনে আঁতৰোৱাৰ আগতেই কমিটীয়ে সিদ্ধান্ত লৈছে যে আমি নিজেই ইয়াক ভাঙি পেলাম। এই ভূমি গাঁও পঞ্চায়তৰ আছিল। তেওঁলোকৰ অনুমতি সাপেক্ষে বনোৱা হৈছিল। কিন্তু এতিয়া পৌৰসভাৰ অধীনলৈ আহিছে আৰু চৰকাৰে ইয়াক মানি ল’বলৈ সাজু হোৱা নাই, গতিকে আমি ভাঙি দিলো।