দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰিব ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভায়ে। ১৪ মে’ত দেশৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশৰ দায়িত্ব গ্ৰহণ কৰি গাভায়ে। বৰ্তমানৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই ১৩ মে’ত অৱসৰ গ্ৰহণ কৰিব।
উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ ৰামকৃষ্ণক নিযুক্ত দিবলৈ মুখ্য ন্যায়াধীশ খান্নাৰ পৰামৰ্শ অতি শীঘ্ৰে চৰকাৰে লাভ কৰিব। মুখ্য ন্যায়াধীস হিচাপে ৰামকৃষ্ণৰ কাৰ্যকাল ১৪ মে’ৰ পৰা আৰম্ভ হ’ব আৰু ২০২৫ বৰ্ষৰে ২৩ নৱেম্বৰত অন্ত পৰিব কাৰ্যকাল।
উল্লেখ্য যে, দেশৰ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হ’বলগীয়া ৰামকৃষ্ণ হ’ব দেশৰ দ্বিতীয়গৰাকী অনুসূচিত জনজাতিৰ ব্যক্তি। অনুসূচিত জনজাতিৰ পৰা প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ আছিল কেজি বালাকৃষ্ণন।
১৯৬০ চনৰ ২৪ নৱেম্বৰত মহাৰাষ্ট্ৰৰ আমৰাৱতীত জন্মগ্ৰহণ কৰিছিল ন্যায়াধীশ গাভায়ে। তেওঁৰ পিতৃ আৰ এছ গাভায় আছিল এজন বিখ্যাত ৰাজনীতিবিদ। ভাৰতীয় ৰিপাব্লিকান পাৰ্টিৰ নেতা আৰ এছ গাভায় সাংসদ হোৱাৰ লগতে বিহাৰ, ছিকিম আৰু কেৰালাৰ ৰাজ্যপালো আছিল।