মধ্য আফ্ৰিকাৰ পশ্চিম উপকূলত অৱস্থিত কংগোত মঙলবাৰে নিশা সংঘটিত হৈছে এক ভয়ংকৰ নাও দুৰ্ঘটনা। দেশখনৰ উত্তৰ-পশ্চিম প্ৰান্তত হোৱা এই দুৰ্ঘটনাত ৫০ গৰাকী লোকৰ মৃত্যু হয়। এতিয়াও বহু লোক সন্ধানহীন হৈ থকা বুলি খবৰ আহিছে। সম্প্ৰতি সন্ধানহীন হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে আৰক্ষী আৰু উদ্ধাৰকাৰী দলে অভিযান অব্যাহত ৰাখিছে।
এজন বিষয়াই জানিব দিয়া অনুসৰি, মঙলবাৰে নিশা কংগো নদীত ডুব যায় যাত্ৰীবাহী নাওখন। নাওখনত হঠাতে হোৱা অগ্নিকাণ্ডৰ ফলত এই কৰুণ ঘটনাটো ঘটে।
ঘটনাৰ বিৱৰণী অনুসৰি, নাওখনত এগৰাকী মহিলাই খাদ্য প্ৰস্তুত কৰি থকাৰ সময়তে নাওখনত জুইৰ সূত্ৰপাত ঘটে। লগে লগে কেইবাগৰাকীও মহিলা আৰু শিশুৱে অগ্নিকাণ্ডৰ পৰা বাচিবলৈ নদীত জাঁপ দিয়ে। নদীত জাঁপ দিয়া অধিকাংশই সাতুৰিব নজনাৰ বাবে মৃত্যুমুখত পৰে।
দেশখনৰ শীৰ্ষ বিষয়াসকলে জানিব দিয়া অনুসৰি, আহত লোকসকলক স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। প্ৰায় ২৫০ লোক এতিয়াও সন্ধানহীন হৈ আছে। তেওঁলোকৰ সন্ধানত উদ্ধাৰ অভিযান চলি আছে।