অসম লোকসেৱা আয়োগৰ আৰ্হিত অনুষ্ঠিত নহয় তৃতীয়-চতুৰ্থ বৰ্গৰ পৰীক্ষা। পূৰ্বৰ আৰ্হিতে অনুষ্ঠিত হ’ব পৰীক্ষা। এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীয়ে কয়, ‘পৰীক্ষালৈ দুমাহ থকাৰ পূৰ্বে পৰীক্ষাৰ আৰ্হি সলনি কৰাটো ভাল নহ’ব। যাৰ বাবে চৰকাৰে বিষয়টো পুনৰ বিবেচনা কৰি সিদ্ধান্ত ৰাইজক অৱগত কৰিব।’
ৰাজ্যজুৰি চলা তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে নিশা সামাজিক মাধ্যমত লাইভযোগে এই কথা অৱগত কৰে।
পূৰ্বতে অসম লোকসেৱা আয়োগৰ প্ৰৱেশ পৰীক্ষা, মূল পৰীক্ষা আৰু সাক্ষাৎকাৰৰ আৰ্হিত পৰীক্ষা অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে ৰাজহুৱা কৰিছিল। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল। বহুলোকে হঠাৎ পৰীক্ষাৰ আৰ্হি সলনি কৰাক লৈ চৰকাৰক সমালোচনা কৰিছিল।
ৰাইজৰ পৰামৰ্শৰ প্ৰতি সহাৰি জনাই বিষয়টো পুনৰ বিবেচনা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰে। ইফালে, মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে উৎফুল্লিত হৈ পৰিছে চাকৰি প্ৰত্যাশীসকল।
উল্লেখ্য যে, ১৫, ২২, ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব তৃতীয় বৰ্গৰ পৰীক্ষা। একেদৰে ২০ আৰু ২৭ অক্টোবৰত অনুষ্ঠিত হ’ব চতুৰ্থ বৰ্গৰ পৰীক্ষা।