বিগত ৩৮ মাহ ধৰি চলি থকা ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধ সন্দৰ্ভত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে কৰিছে এক ডাঙৰ ঘোষণা। বিগত তিনিবছৰ নিৰৱচ্ছিন্নভাৱে চলি থকা এই যুদ্ধৰ বিৰিত ঘোষণা কৰিছে।
খ্ৰীষ্টানসকলৰ ধৰ্মীয় উৎসৱ ইষ্টাৰৰ বাবে যুদ্ধ বিৰতিৰ ঘোষণা কৰিছে ৰাষ্ট্ৰপতি পুটিনে।
উল্লেখ্য যে, ক্ৰেমলিনত অনুষ্ঠিত এখন বৈঠকৰ সময়ত পুটিনে ৰাছিয়াৰ সশস্ত্ৰ বাহিনীৰ জেনেৰেল ষ্টাফৰ মুৰব্বী ভেলেৰী গেৰাচিমোভৰ সৈতে হোৱা আলোচনাৰ পিছতে ৰাছিয়াই ২১ এপ্ৰিলৰ ০৬:০০ বজাৰ পৰা (মস্কো সময় অনুসৰি) (১৯ এপ্ৰিল)লৈকে সকলো সামৰিক কাৰ্য্যকলাপ বন্ধ কৰাৰ কথা ঘোষণা কৰে।
ইষ্টাৰৰ প্ৰতি লক্ষ্য ৰাখি মানৱীয় ভিত্তিত যুদ্ধবিৰতি ঘোষণা কৰিছে ভ্লাডিমিৰ পুটিনে। তেওঁ কয় যে আমি আশা কৰিছো যে ইউক্ৰেইনেও একে কাম কৰিব।
তেওঁ আৰু কয় যে আমি সৈনিকসকলক যিকোনো সম্ভাৱ্য বিপদৰ বিষয়ে সকীয়াই দিছো, যদি শত্ৰুৱে যুদ্ধবিৰতিৰ নিয়ম উলংঘা কৰে তেন্তে আমাৰ সৈন্যই উপযুক্ত উত্তৰ দিব।
উল্লেখ্য যে, ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত আৰম্ভ হৈছিল যুদ্ধ।