আজি জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ জামিন আৱেদনৰ শুনানি আছিল। পিছে ফাষ্ট্ৰট্ৰেক আদালতৰ শুনানিত সিদ্ধাৰ্থৰ শৰ্মাৰ জামিন আবেদন অগ্ৰাহ্য কৰা হয়।
ভুল নথি পত্ৰ জমা দিয়া বুলি কৈ সিদ্ধাৰ্থৰ শৰ্মাৰ জামিন আবেদন অগ্ৰাহ্য কৰে ফাষ্ট্ৰট্ৰেক আদালতে।
ইফালে শ্যামকানু মহন্তৰ জামিন আৱেদনৰ শুনানি বৰ্তমানেও চলি আছে। প্ৰাণ বৰা নামৰ অধিবক্তাগৰাকীয়ে শ্যামকানুৰ জামিন আৱেদনৰ হৈ যুক্তি দর্শাইছে আছে আদালতত। শুনানিৰ বাবেই ফাষ্ট্ৰট্ৰেক আদালতত উপস্থিত হৈ প্ৰথমবাৰৰ বাবে কেমেৰাৰ সমুখত শ্যামকানুৰ পত্নীয়ে কয় যে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত নিৰ্দোষী লোকক জে’লত ভৰাই থোৱা হৈছে। যাৰ বাবে জুবিন আত্মায়ো কষ্ট পাইছে। জুবিন গাৰ্গে ভাল পোৱা লোকক ৭ মাহ ধৰি বন্দী কৰি ৰখা হৈছে বুলিও মন্তব্য কৰে তেওঁ।
লগতে তেওঁ কয় যে, জুবিনৰ ন্যায় তেওঁলোকেও বিচাৰিছে। জুবিনে অসমীয়া সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ নিজে গৈছিল চিংগাপুৰ।য়ট পাৰ্টীৰ কথা শ্যামকানু মহন্তই নাজানিছিল। এই ঘটনাৰ সময়ত ৫০ কিলোমিটাৰ দূৰত্বত এখন মিটিঙত ব্যস্ত আছিল শ্যামকানু।











