মহাৰাষ্ট্ৰৰ নাগপুৰত অনুষ্ঠিত এক অনুষ্ঠানৰ সময়ত বাগেশ্বৰ ধামৰ প্ৰধান পুৰোহিত পণ্ডিত ধীৰেন্দ্ৰ শাস্ত্ৰীয়ে এক উল্লেখযোগ্য বক্তব্য আগবঢ়ায়। যিটো বৰ্তমান আলোচনাৰ বিষয় হৈ পৰিছে। ভাৰত দুৰ্গা মন্দিৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ দি তেওঁ হিন্দুকে ৪টাকৈ সন্তান জন্ম দি এটা সন্তান ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বাবে উৎসৰ্গা কৰিবলৈ আহ্বান জনায়।
অনুষ্ঠানৰ সময়ত তেওঁ RSSৰ প্ৰশংসাও কৰে। তেওঁ এই বক্তব্যই উপস্থিতসকলৰ মাজত এক আলোচনাৰ সূচনা কৰে।
এই অনুষ্ঠানৰ এক বিশেষ বৈশিষ্ট্য আছিল খোদ RSSৰ মুৰব্বী মোহন ভাগৱতৰ উপস্থিতি। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনৱীছ আৰু কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীও উপস্থিত থাকে। অসংখ্য সাধু-মুনিও উপস্থিত আছিল এই অনুষ্ঠানত।
ভাৰত দুৰ্গা মন্দিৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত বৃহৎ সংখ্যক লোকে অংশগ্ৰহণ কৰে। বাগেশ্বৰ বাবাৰ এই বক্তব্যই বিষয়টো চৰ্চালৈ আনিছে। সম্প্ৰতি তেওঁৰ এই বক্তব্যক লৈ বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।










