পেহেলগাম কাণ্ডৰ পিছতে ভাৰত চৰকাৰে লৈছে ডাঙৰ সিদ্ধান্ত। নিৰাপত্তা সম্পৰ্কীয় কেবিনেট (চিচিএছ)ৰ দীঘলীয়া বৈঠকৰ পিছতে ভাৰত চৰকাৰৰ পৰা লোৱা হয় কেতবোৰ কঠোৰ সিদ্ধান্ত।
মঙলবাৰে জম্মু-কাশ্মীৰৰ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে দেশবাসী শোকস্তব্ধ হৈ পৰিছিল। আৰু ইয়াৰ পিছতে আজি অনুষ্ঠিত চিচিএছ বৈঠকত পাকিস্তানৰ বিৰুদ্ধে ডাঙৰ কূটনৈতিক সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতে।
ভাৰতৰ সিদ্ধান্তসমূহ
পাকিস্তানৰ সৈতে সিন্ধু চুক্তি বাতিল
বন্ধ কৰি দিয়া হ’ল আটাৰী সীমান্ত
পাকিস্তানী নাগৰিকৰ ভিছা বাতিল
পাকিস্তানী নাগৰিকক আৰু দিয়া নহ’ব ভিছা
৪৮ ঘণ্টাৰ ভিতৰত পাকিস্তান নাগৰিকক ভাৰত ত্যাগ কৰাৰ নিৰ্দেশ
পাকিস্তানী দূতাবাস বন্ধ কৰাৰ নিৰ্দেশ
উল্লেখ্য যে, মঙলবাৰে হোৱা নৃশংস সন্ত্ৰাসবাদী আক্ৰমণত ২৮ গৰাকী পৰ্যটকৰ মৃত্যু হৈছিল।