পেহেলগাম আক্ৰমণৰ পিছত ভাৰতে লোৱা পদক্ষেপৰ বাবে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈ থকাৰ মাজতেই পাকিস্তানৰ সন্মুখত আহি পৰিছে অন্য এক নতুন বিপদ। গৃহ-কন্দলৰ সৃষ্টি হৈছে পাকিস্তানত । পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত বেলুচ লিবাৰেশ্যন আৰ্মী (BLA) য়ে পুনৰবাৰ পাকিস্তানক কঁপাই তুলিছে। পাসনি অঞ্চলত পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ এজন এজেণ্টক হত্যা কৰা বুলি বৃহৎ দাবী উত্থাপন কৰিছে বেলুচ লিবাৰেচন আৰ্মীয়ে।
বিএলএৰ মতে, আন তিনিটা অভিযানত বেলুচ সেনাই পাকিস্তানী সেনা, আৰক্ষী আৰু সামৰিক প্ৰকল্পৰ বাহনসমূহক লক্ষ্য কৰি মূল ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। এক বিবৃতিত বিএলএয়ে প্ৰকাশ কৰিছে যে, নিহত আইএছআইৰ বিষয়াজন পঞ্জাৱৰ খুছাব জিলাৰ চোৰংগী জোহাৰাবাদৰ সমীপৰ হাকিম ৱালাৰ বাসিন্দা মহম্মদ নৱাজ বুলি চিনাক্ত কৰা হৈছে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, বি এল এয়ে বিবৃতিটোত কয় যে, পাকিস্তানী বাহিনী আৰু এজেণ্টৰ সৈতে যাত্ৰা কৰি থকাৰ সময়তে নৱাজক হত্যা কৰা হৈছে। এই আক্ৰমণত ছলমান নামৰ এজন এজেণ্টৰো মৃত্যু হোৱাৰ বিপৰীতে এজেণ্ট শ্বাহ নাজাৰ আহত হোৱাৰ লগতে তেওঁৰ বাহনো সম্পূৰ্ণৰূপে ধ্বংস হয়।
বিএলএই লগতে কয় যে, মহম্মদ নৱাজক গ্ৱাদাৰৰ চোৰাংচোৱা শাখাৰ গোটত নিযুক্তি দিয়া হৈছিল আৰু জিৰাবৰ কঠোৰ নিৰীক্ষণত আছিল। যেতিয়া নৱাজৰ কনভয় পাসনিৰ মাজেৰে পাৰ হৈ গৈছিল, তেতিয়া সোমবাৰে সন্ধিয়া বিএলএৰ কৰ্মীসকলে ৰিম’ট কণ্ট্ৰ’ল কৰা আইইডিৰে লক্ষ্য কৰি লয়। এই অভিযানৰ উপৰিও জামুৰাণৰ জামকি টেংক অঞ্চলত বিএলএ উগ্ৰপন্থীয়ে পাকিস্তানী সৈন্যৰ ওপৰত স্নাইপাৰ আক্ৰমণ চলাই এজন জোৱান থিতাতে নিহত হয়। ইয়াৰ সমান্তৰালকৈ বেলুচ লিবাৰেশ্যন আৰ্মীয়ে এই সকলোবোৰ অভিযানৰ দায়িত্ব গ্ৰহণ কৰি ভৱিষ্যতেও পাকিস্তানী সেনা আৰু ইয়াৰ মিত্ৰশক্তিৰ ওপৰত আক্ৰমণ অব্যাহত থাকিব বুলি সকীয়াই দিয়ে।