বন্ধুৰ সৈতে মদ্যপানৰ প্ৰতিযোগিতা। ১০ হাজাৰ টকাৰ ‘বাজি’ মাৰি অবাঞ্ছিত মৃত্যুক সাৱতি ল’লে ২১ বছৰীয়া এজন যুৱকে। যুৱকজনৰ ঘৰ কৰ্ণাটকত। নাম তেওঁৰ কাৰ্তিক। খৱৰ অনুসৰি, ভেংকট ৰেড্ডী, শুভ্ৰমণিসহ আন তিনিজন বন্ধুৰ সৈতে একে লগে সুৰাৰ আড্ডাত বহিছিল কাৰ্তিক। সেই আড্ডাতে কোনে কিমান অধিক সুৰাপান কৰিব পাৰে সেই লৈ তৰ্কাতৰ্কি আৰম্ভ হয়।
ইয়াৰ পিছতে কাৰ্তিকে দাবী কৰে যে বাজি লগালে তেওঁৱেই বেছি সুৰা সেৱন কৰিব পাৰিব। তেওঁ ইয়াকো ক’লে যিয়ে বাজি জিকিব তেওঁক ১০ হাজাৰ টকা দিয়া হ’ব। লগে লগে বাজি জিকাৰ স্বাৰ্থত এবটল এবটলকৈ ৫ বটল সুৰা গলাধঃকৰণ কৰে কাৰ্তিকে। ইয়াৰ পিছতে অসুস্থ হৈ পৰে কাৰ্তিক।
অসুস্থ হৈ পৰাৰ লগে লগে নিকটৱৰ্তী হাস্পতালত ভৰ্তি কৰোৱা হয় কাৰ্তিকক। কিন্তু শেষ ৰক্ষা নহ’ল। চিকিতসাধীন অৱস্থাতে মৃত্যুমুখত পৰে কাৰ্তিক। বছৰদিয়েক পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল কাৰ্তিক। মাত্ৰ ৮ দিন পূৰ্বে এটি সন্তান জন্ম দিছিল কাৰ্তিকৰ পত্নীয়ে। কিন্তু সন্তান আৰু পত্নীৰ মুখ আৰু দেখা নাপালে কাৰ্তিকে। অদ্ভুত বাজি লগাই নিজৰ জীৱন হেৰুৱালে মাত্ৰ ২১ বছৰীয়া এই যুৱকে।
ইতিমধ্যে এই ঘটনাক কেন্দ্ৰ কৰি স্থানীয় থানাত ৬ জন বন্ধুৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এক গোচৰ। কাৰ্তিকৰ পৰিয়ালে তৰা এই গোচৰৰ ভিত্তিত তদন্তত নামিছে আৰক্ষী।
ইতিমধ্যে ভেংকট আৰু শুভ্ৰমণিক গ্ৰেপ্তাৰ কৰিছে। বাকীকেইজনৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত আছে।
উল্লেখ্য যে, বিশ্ব স্বাস্থ্য সংস্থা (WHO) ৰ মতে, সুৰাপানৰ কোনো সদগুণ নাই। আনকি নিৰাপদ মাত্ৰাত সুৰাপান বুলিও কোনো সংজ্ঞা নাই। WHO ৰ মতে, এক টোপাল সুৰাও মানৱ শৰীৰৰ বাবে অতিকে ক্ষতিকাৰক। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, সুৰাপানৰ বাবেই বছৰি সমগ্ৰ বিশ্বত প্ৰায় ২৬ লাখ লোক মৃত্যু মুখত পৰে। যিটো বিশ্বজুৰি মৃত্যুৰ হাৰ ৪.৭ শতাংশ।