১০ দিন পূৰ্বে জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা নৃশংস আক্ৰমণৰ ঘটনাৰ পিছৰে পৰা পাকিস্তানৰ সৈতে অধিক অৱনতি ঘটিছে ভাৰতৰ সম্পৰ্ক। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন ভাৰত চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ পিছতে ভাৰতৰ বিৰুদ্ধে তীব্ৰ আপত্তিজনক মন্তব্য কৰা পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী বিলাৱল ভুট্টোৱে সন্ত্ৰাসবাদক লৈ পুনৰ কৰিছে মন্তব্য।
ভাৰতৰ বিৰুদ্ধে ঘৃণাসূচক মন্তব্য কৰা ভুট্টোৱে এইবাৰ স্বীকাৰ কৰিছে যে পাকিস্তানে সন্ত্ৰাসবাদক প্ৰশ্ৰয় দি আহিছে। ভুট্টোৱে কয়, ‘এতিয়ালৈকে প্ৰতিৰক্ষা মন্ত্ৰীয়ে যি কৈছে, সেয়া (সন্ত্রাসবাদ) কোনো গোপন কথা বুলি মই নাভাবো। পাকিস্তানৰ নিজস্ব অতীত আছে। ইয়াৰ ফলত আমি বহুত সহ্য কৰিবলগীয়া হ’ল। ইয়াৰ পৰা আমি নিজেই এটা শিক্ষা লৈছো। শুধৰণিৰ বাবে আমি এটা প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব।’
শেহতীয়াকৈ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী আছিফ খোৱাজাই সন্ত্ৰাসবাদ সন্দৰ্ভত মন্তব্য কৰি কৈছিল, ‘সন্ত্ৰাসবাদক লালন-পালন কৰাৰ ইতিহাস আছে পাকিস্তানৰ। সন্ত্ৰাসবাদীক প্ৰশিক্ষণ দিয়াৰ উপৰিও আৰ্থিক সহায়ো কৰি আহিছে পাকিস্তানে। আমি বহু বছৰ ধৰি আমেৰিকাৰ বাবে এই লেতেৰা কাম কৰি আহিছো।’
উল্লেখ্য যে, ২২ এপ্ৰিলত ইছলামিক সন্ত্ৰাসবাদীয়ে জম্মু-কাশ্মীৰৰ পেহেলগামত ২৬ গৰাকীকৈ পৰ্যটকক নৃশংসভাৱে হত্যা কৰিছিল। এই ঘটনাক কেন্দ্ৰ কৰি পুনৰবাৰ ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে।
ভাৰত চৰকাৰে সেনাক পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰাৰ পিছতে শংকিত হৈ পাকিস্তানেও সীমান্তত নিৰাপত্তাৰক্ষীৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে যুদ্ধৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।