সিন্ধু জল চুক্তি বাতিল কৰা বিষয়ক লৈ চৰম উচটনিমূলক মন্তব্য কৰা পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী বিলাৱল ভুট্টোৱে এইবাৰ সেই মন্তব্য সন্দৰ্ভত প্ৰদান কৰিছে স্পষ্টীকৰণ। জনতাৰ আৱেগ তথা মনৰ কথাখিনিহে তেওঁ বক্তব্যৰ জৰিয়তে কৈছিল বুলি কয় ভুট্টোৱে।
বিলাৱল ভুট্টোৱে কৈছিল, ‘সিন্ধু নদীত হয়টো পানী আমাৰ বব, নহয়টো তেওঁলোকৰ তেজ।’ ভুট্টোৰ এই মন্তব্যক লৈ ভাৰতত তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি দেখা পোৱা গৈছে।
উল্লেখ্য যে, ভাৰতে পেহেলগাম আক্ৰমণৰ বাবে দোষাৰোপ কৰিছে পাকিস্তানক। ভাৰতৰ অভিযোগক সম্পূৰ্ণৰূপে নস্যাত কৰিছে ভুট্টোৱে। এটা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে কথা পাতি কয় যে পাকিস্তানক সদায় বলিৰ পঠা সজোৱা হয়।
তেওঁ কয়, ‘মই বৈদেশিক মন্ত্ৰী হোৱাৰ পূৰ্বে পাকিস্তান এফ এ টি এফৰ গ্ৰে লিষ্টত আছিল। মই বৈদেশিক মন্ত্ৰী হোৱাৰ পিছত পাকিস্তান এফ এ টি এফৰ গ্ৰে লিষ্টৰ পৰা ওলাই আহিছিল। অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় সমাজেও মানি লৈছে যে আজিৰ তাৰিখত পাকিস্তানৰ এনে কোনো গোটৰ সৈতে কোনো সম্পৰ্ক নাই।’
সিন্ধু জল চুক্তি সন্দৰ্ভত দিয়া বক্তব্য সন্দৰ্ভত পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয়, ‘মই হাতত বন্দুক লৈ সীমান্তত থিয় হৈ থকা নাই। মই কোনো চৰকাৰী পদতো নাই। ভাৰতে এই সন্ধি উলংঘা কৰাৰ পিছদিনা মই সিন্ধু নদীৰ সমীপত অনুষ্ঠিত এখন ৰাজনৈতিক সমাৱেশত ভাষণ দি আছিলো।’
তেওঁ লগতে কয়, ‘শাসনাধিষ্ঠ চৰকাৰে কৈছে যে সিন্ধু জল চুক্তি প্ৰত্যাহাৰ কাৰ্যকৰী কৰাৰ যিকোনো সিদ্ধান্তক যুদ্ধ ঘোষণা হিচাপে গণ্য কৰা হ’ব। মই নিশ্চিত যে আপোনালোকে জানে যে যুদ্ধ হ’লে ৰক্তপাত হয়। ভাৰতৰ প্ৰতিশোধ হিচাপে আমাৰ হাতত কোনো নদী নাই যিখন বন্ধ কৰিব পাৰি। যদি ভাৰতে পাকিস্তানৰ জনসাধাৰণৰ বিৰুদ্ধে পানীক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে তেন্তে ইয়াৰ অৰ্থ হ’ব যুদ্ধৰ কাৰ্য্য।’