সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানত ভাৰতৰ আক্ৰমণৰ পিছত আতংকিত পাকিস্তানে জম্মুৰ পুঞ্চত নিয়ন্ত্ৰণ ৰেখাত গুলীচালনা কৰে। এই কাপুৰুষালি কাৰ্য্যৰ পিছত পাকিস্তানে এল অ’ চিৰ কাষৰীয়া অঞ্চলত বাছ সেৱা বন্ধ কৰাই নহয়, ইটা ভাটা আৰু অন্যান্য ব্যৱসায়িক কাম-কাজো বন্ধ কৰি দিছে।
জম্মুৰ আখনূৰ ছেক্টৰৰ পল্লাৱালা অঞ্চলৰ সমীপৰ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানে কিমান ভয় খাইছে তাৰ ছবি সংবাদ মাধ্যমত বন্দী হৈছে। নিয়ন্ত্ৰণ ৰেখাৰ সমীপত অৱস্থিত পাকিস্তানী গাঁৱৰ মাটেৱালাৰ ছবি বন্দী কৰা হয়। পাকিস্তানৰ ছিয়ালকোট ছেক্টৰৰ ভাৰতৰ সীমান্তৰ গাতে লাগি থকা অন্তিমখন গাঁও মাটেৱালা।
এই গাঁৱৰ মুখীয়া কৰ্ণাইল সিঙে কয়, পাকিস্তানত ভয়ৰ মাত্ৰা এতিয়া এনেকুৱা যে পাকিস্তানে আনকি সীমান্তৱৰ্তী অঞ্চলত থকা বাছ সেৱাও বাতিল কৰিছে। তেওঁ কয় যে, সীমান্তৱৰ্তী অঞ্চলসমূহত পাকিস্তানৰ ফালৰ পৰা এই বাছ সেৱা ছিয়ালকোট ছেক্টৰৰ পৰা পাকিস্তান দখল কৰা কাশ্মীৰ (পি অ’ কে)ৰ ছাম্ব ছেক্টৰলৈকে চলি আছে।
লগতে তেওঁ কয় যে, পাকিস্তানৰ এই গাঁওখনতো বহুতো ব্যৱসায়িক প্ৰতিষ্ঠান আছে।পাকিস্তানৰ শস্য চপোৱাৰ বাবে এই গাঁৱত বহু মেচিন স্থাপন কৰা হৈছে, কিন্তু সেই মেচিনবোৰৰ শব্দও এই মুহূৰ্তত পাকিস্তানৰ পৰা অহা নাই।
গাঁওখনৰ আন আন লোকসকলে কয় যে, পাকিস্তানৰ মাটেৱালা গাঁৱতো ইটা ভাটা আছে। সাধাৰণতে ইটা ভাটাৰ চিমনিৰ ধোঁৱা বহু দূৰৰ পৰা দেখা যায়, কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেতিয়া পাকিস্তানক উপযুক্ত উত্তৰ দিয়াৰ কথা কৈছিল, তেতিয়াৰ পৰাই পাকিস্তানৰ এই ইটাৰ ভাটাৰ শব্দও বন্ধ হৈ আছে।