বলীউডৰ অভিনেতা হৰ্ষবৰ্ধন ৰাণে পাকিস্তানী অভিনেত্ৰী মাৱৰা হোকানেক তীব্ৰ সমালোচনা কৰিছে। দৰাচলতে শেহতীয়াকৈ ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ মাজতে বলীউডৰ অভিনেতা হৰ্ষবৰ্ধন ৰাণে ‘সনম তেৰী কছম ২’ৰ বিষয়ে বিছু মন্তব্য কৰে।
উল্লেখ্য যে, এই ছবিখনৰ প্ৰথম খণ্ডত মাৱৰা হোকানে আছিল। ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাৰ মাজতে হৰ্ষবৰ্ধনে কৈছিল যে যদি পুৰণি কাষ্টক ‘সনম তেৰী কছম’ৰ দ্বিতীয় খণ্ডত লোৱা হয়, তেন্তে তেওঁ সেই ছবিৰ অংশ হ’ব নোৱাৰিব।
তেওঁৰ তেনে মন্তব্যৰ পাছতেই লগে লগে প্ৰডাকচন হাউছে ঘোষণা কৰে যে মাৱৰা হোকানেক এই ছবিখনত লোৱা নহ’ব। ইয়াৰ পিছত মাৱৰাই হৰ্ষবৰ্ধন আৰু প্ৰডাকচন হাউছৰ এই প্ৰতিক্ৰিয়াক জনসংযোগ কৌশল বুলি অভিহিত কৰে। অভিনেত্ৰীগৰাকীৰ এই বিস্ফোৰণৰ পিছত আকৌ এবাৰ হৰ্ষবৰ্ধনে তেওঁক উপযুক্ত উত্তৰ দিয়ে।
হৰ্ষবৰ্ধন ৰাণে সামাজিক মাধ্যমত লিখিছে যে, এয়া তেওঁ এক ব্যক্তিগত আক্ৰমণ যেন অনুভৱ কৰে। যদি কোনোবাই তেওঁৰ দেশৰ মৰ্যাদাক আক্ৰমণ কৰে, তেন্তে তেওঁ সেই কাম কেতিয়াও সহ্য নকৰে।
অভিনেতাগৰাকীয়ে লগতে লিখিছে যে, তেওঁ এই ছবিৰ দ্বিতীয় খণ্ডৰ পৰা আঁতৰি অহাৰ কথা কয়। কিয়নো নিজৰ দেশৰ যিকোনো কাৰ্যকে কাপুৰুষালি বুলি মন্তব্য কৰা কোনো ব্যক্তিৰ লগত কাম নকৰাৰ তেওঁৰ সম্পূৰ্ণ অধিকাৰ আছে। তেওঁ কাৰো নাম লোৱা নাই। কিন্তু সেই ব্যক্তিগৰাকীৰ কথাত যথেষ্ট ঘৃণা অভিহিত হৈ আছে।
উল্লেখ্য যে, হৰ্ষবৰ্ধনৰ লগতে ‘সনম তেৰী কছম ২’ৰ নিৰ্মাতাসকলেও মাৱৰাৰ এই মন্তব্যক তীব্ৰ গৰিহণা দিছে। উল্লেখ্য যে, ২০১৬ চনত মুক্তি পোৱা ‘সনম তেৰী কছম’ ছবিখনে এইবাৰ পুনৰ মুক্তি লাভ কৰিছিল। পুনৰ মুক্তিৰ পিছত ছবিখনে বক্স অফিচত যথেষ্ট উপাৰ্জন কৰিছিল।