যদি আপুনিও বহু ঘণ্টা ধৰি একেৰাহে বহি থাকে, তেন্তে আপুনিও গভীৰ শিৰা থ্ৰম্বোচিছ ৰোগ (ডিভিটি)ৰ ভুক্তভোগী হ’ব পাৰে। ই হৈছে এক বিপদজনক ৰোগ, যাৰ লক্ষণবোৰ আৰম্ভণিতে গম পোৱা নাযায়, কিন্তু পাছলৈ ই অতিকৈ বিপদজনক হৈ উঠিব পাৰে।
এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন-
যদি কোনো ব্যক্তিয়ে একেটা ঠাইতে বহু ঘণ্টা ধৰি কাম কৰে, তেনেহ’লে তেওঁ বহুতো ৰোগৰ চিকাৰ হোৱাৰ আশংকা থাকে। সেইবোৰৰ ভিতৰত হৃদৰোগ আৰু মেদবহুলতাৰ আশংকা সৰ্বাধিক। ইয়ে শৰীৰত ওজনৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। যাৰ ফলত ডায়বেটিছ, আৰ্থ্ৰাইটিছ আদিৰ দৰে ৰোগৰ সৃষ্টি হয়।
বহু ঘণ্টা ধৰি বহি থকাৰ ফলত হোৱা আটাইতকৈ বিপদজনক ৰোগটো হৈছে গভীৰ শিৰাথ্ৰিম্বোচিছ ৰোগ। এই ৰোগটো তেতিয়া হয়, যেতিয়া কোনো ব্যক্তিৰ শৰীৰৰ ভিতৰৰ শিৰাত তেজ গোট মৰা আৰম্ভ হয়।
চিকিৎসকৰ মতে, এই ৰোগে ভৰি আৰু উৰুৰ তলৰ শিৰাবোৰ প্ৰভাৱিত কৰে। ডিভিটি হঠাতে হ’ব পাৰে, যাৰ ফলত হঠাতে ৰক্তচাপ হ্ৰাস বা বৃদ্ধি হব পাৰে।
কৌশাম্বীৰ যশোদা চুপাৰস্পেচিয়েলিটি হাস্পতালৰ কাৰ্ডিঅ’লজী বিভাগৰ মুৰব্বী ডা: বিনয় ভট্টই কয় যে পূৰ্বৰ তুলনাত এতিয়া অধিক ডিভিটি কেছ আহিছে। কাৰণ জীৱনশৈলী নিম্নগামী হৈ গৈ আছে। ছচিয়েল মিডিয়াৰ যুগত, স্মাৰ্টফোনবোৰ ঘণ্টাৰ পাছত ঘণ্টা ধৰি বহি থকাৰ কাৰণ হৈ পৰিছে।
ডা: ভট্টই বাখ্যা কৰে যে মেদবহুল লোক তথা যিসকলে শেহতীয়াকৈ কোনো অস্ত্ৰোপচাৰ কৰাইছে, তেওঁলোকে দীঘলীয়া সময়ৰ বাবে একেঠাইতে বহি থাকিব নালাগে। তেনে লোকে ৫-১০ মিনিটৰ মূৰে মূৰে বিৰতি ল’ব লাগে আৰু নিজৰ পেশীবোৰ প্ৰসাৰিত কৰিব লাগে।