সাংসদ গৌৰৱ গগৈৰ পাকিস্তান কানেকচনক লৈ পুনৰ বিস্ফোৰক মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আই এছ আইৰ আমন্ত্ৰণত সাংসদ গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণ কৰা বুলি গুৰুত্বপূৰ্ণ অভিযোগ আনিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
আজি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘আই এছ আইয়ে আমন্ত্ৰণ দিছিল গৌৰৱ গগৈক। তেওঁলোকৰ আমন্ত্ৰণতেই পাকিস্তান গৈছিল। আই এছ আইয়ে আমন্ত্ৰণ কৰা ডকুমেণ্ট আমাৰ লগত আছে। তেওঁ তালৈ ফুৰিব যোৱা নাছিল। পাকিস্তানত তেওঁ প্ৰশিক্ষণ ল’বলৈ গৈছিল।
পাকিস্তানৰ গৃহ বিভাগৰ আমন্ত্ৰণত পাকিস্তান যোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই পুনৰ কয়, ‘এইটো বহুত ছিৰিয়াছ বিষয়। এই বিষয়টোক লৈ ডাঙৰ এক্সন হ’ব।’
উল্লেখ্য যে, প্ৰতিটো দিনাই কংগ্ৰেছী সাংসদ গৌৰৱ গগৈক লৈ নতুন নতুন দাবী কৰা আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পূৰ্বে তেওঁ সাংসদ গগৈৰ পত্নীয়ে ১৯ বাৰ পাকিস্তান ভ্ৰমণ কৰিছিল বুলিও সদৰি কৰিছিল মুখ্যমন্ত্ৰীয়ে।
আনহাতে ১৫টা দিন পাকিস্তানত থকা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে পূৰ্বতে প্ৰশ্ন কৰিছিল যে গৌৰৱ গগৈয়ে পাকিস্তানত কি কৰিছিল? ১৫ দিনীয়া ভ্ৰমণত পাকিস্তানত কিবা নহয় কিবাৰ প্ৰশিক্ষণ ল’বলৈ গৈছিল গৌৰৱ গগৈয়ে।
পাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ সম্পৰ্ক কি? কিয় পাকিস্তান ভ্ৰমণ কৰিব গৈছিল, এই বিষয়টোক লৈ মুখ্যমন্ত্ৰী শৰ্মাক ফেব্ৰুৱাৰীৰ পৰা সৰৱ হৈ থকা পৰিলক্ষিত হৈছে।
ইতিমধ্যেই গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত তদন্ত কৰিবলৈ গঠন কৰা হৈছে এছ আই টি। এই এছ আই টিৰ তদন্তত অহা A to Z তথ্য অহা ১০ ছেপ্তেম্বৰৰ দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলৰ জৰিয়তে ৰাজহুৱা কৰিব বুলিও আজি পুনৰবাৰ মন্তব্য কৰে।