কৰ’ণাৰ পিছত আন এক নতুন ভাইৰাছে চিন্তিত কৰি তুলিছে দেশবাসীক। নতুন ভাইৰাছবিধে গুজৰাটত লৈছে ভয়ংকৰ ৰূপ। এই নতুন ভাইৰাছবিধক ‘চান্দীপুৰা’ বুলি চিনাক্ত কৰা হৈছে।
এই নতুন ভাইৰাছবিধৰ সংক্ৰমণৰ ফলত বিগত দুটা দিনত গুজৰাটত পাঁচগৰাকী শিশুৰ মৃত্যু হোৱা বুলি দাবী কৰা হৈছে। এই আটাইকেইগৰাকী শিশুৱে সাবৰকান্ত অসামৰিক হাস্পতালত মৃত্যুবৰণ কৰাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।
জানিব পৰা অনুসৰি, বৰ্তমান হিম্মতনগৰ অসামৰিক হাস্পতালত আন তিনিগৰাকী শিশুৰ চিকিৎসা চলি আছে। বৰ্তমান প্ৰতিগৰাকী শিশুৰে নমুনা পৰীক্ষা কৰিবলৈ পুনেলৈ প্ৰেৰণ কৰা হৈছে।
ইফালে নতুন ভাইৰাছৰ উপস্থিতি ধৰাৰ পৰাৰ পিছতে স্বাস্থ্য বিভাগ অধিক সক্ৰিয় হৈ পৰিছে আৰু স্বাস্থ্য কৰ্মীসকলক বিভিন্ন স্থানত সমীক্ষা আৰম্ভ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে।
ইফালে এই ভাইৰাছ যাতে অন্য অঞ্চললৈ বিয়পি নাযায় তাৰ বাবে সাবৰকান্তৰ লগতে আৰাৱলী জিলাতো এক সমীক্ষা আৰম্ভ কৰা হৈছে। এতিয়া পুনেৰ পৰা কি প্ৰতিবেদন আহে তাৰ বাবে অপেক্ষা কৰি আছে স্বাস্থ্য বিষয়াসকল।