জাপানক পিছ পেলাই ভাৰত এতিয়া বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। শনিবাৰে নিটি আয়োগৰ চিইঅ’ বি ভি আৰ সুব্ৰমণিয়ামে এই তথ্য প্ৰদান কৰে। নিটি আয়োগৰ গভৰ্নিং কাউন্সিলৰ দশম বৈঠকৰ অন্তত তেওঁ কয় যে বিশ্ব আৰু অৰ্থনৈতিক পৰিৱেশ ভাৰতৰ বাবে অনুকূল হৈয়েই আছে।
বি ভি আৰ সুব্ৰমণিয়ামে কয় যে আমি বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি। আজি আমি ৪ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি হৈ পৰিছো।
আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ (আই এম এফ) তথ্যৰ উদ্ধৃতি দি তেওঁ আৰু কয়, ‘ভাৰতীয় অৰ্থনীতি এতিয়া জাপানতকৈও ডাঙৰ। এই মাইলৰ খুঁটিত উপনীত হৈ ভাৰতে ইতিহাসৰ সৃষ্টি কৰিছে। এতিয়া ভাৰততকৈ কেৱল আমেৰিকা, চীন আৰু জাৰ্মানীৰ অৰ্থনীতিহে আগবাঢ়ি আছে। মই আশা কৰিছো যে আমিও অতি শীঘ্ৰে তৃতীয় স্থানত উপনীত হ’ম।’
নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে লগতে কয় যে আমি আমাৰ পৰিকল্পনাত দৃঢ় আৰু যদি সকলো ঠিকে থাকে, তেন্তে অহা ডেৰ-তিনি বছৰত আমি জাৰ্মানীক পিছ পেলাই বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হ’ম।