ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকাত হৈছে নিমখৰ নাটনি। ভাৰত মহাসাগৰত অৱস্থিত এই দেশত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে নিমখৰ উৎপাদন ব্যাপকভাৱে হ্ৰাস পাইছে।
বৰষুণৰ বাবে আগতে যি নিমখ বনোৱা হৈছিল, সেই নিমখো পানীত ধুই গৈছে। বৰ্তমান পৰিস্থিতি ইমানেই অচল হৈ পৰিছে যে, শ্ৰীলংকাত ব্যৱহাৰৰ বাবে প্ৰয়োজনীয় পৰিমাণৰ নিমখৰো অভাৱ হৈছে।
শ্ৰীলংকাত নিমখৰ নাটনিৰ পিছত একাংশ লোকে ইয়াৰ সুবিধা ল’বলৈ আৰম্ভ কৰিছে। দেশত নিমখৰ দাম বিপুল হাৰত বৃদ্ধি হৈছে। এনে পৰিস্থিতিত বহুতে নিমখৰ ব্লেক মাৰ্কেটিং আৰম্ভ কৰিছে। এই নিমখ এতিয়া সাধাৰণ মূল্যতকৈ চাৰিগুণ বেছিকৈ বিক্ৰী কৰা হৈছে। সাম্প্ৰতিক সংকটৰ বাবে দেশত ১ কেজি নিমখৰ মূল্য ১৪৫ টকা হৈ পৰিছে। একে সময়তে শ্ৰীলংকাই প্ৰয়োজনীয় নিমখৰ মাত্ৰ ২৩ শতাংশহে উৎপাদন কৰি আছে।
এই সংকটৰ সময়ত ভাৰতে শ্ৰীলংকালৈ সহায়ৰ হাত আগবঢ়াইছে। ভাৰতেও শ্ৰীলংকালৈ ৩.০৫০ মেট্ৰিক টন নিমখৰ চালান প্ৰেৰণ কৰিছে। মুঠ চালানৰ ভিতৰত ২৮০০ মেট্ৰিক টন ভাৰতৰ নেশ্যনেল ছল্ট কোম্পানীয়ে প্ৰেৰণ কৰিছে। বাকী ২৫০ মেট্ৰিক টন ব্যক্তিগত কোম্পানীৰ পৰা আহিছিল।
দুবছৰ পূৰ্বে শ্ৰীলংকাই এক ভয়াৱহ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছিল, যাৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীসমূহ অতি ব্যয়বহুল হৈ পৰিছিল। ২৮ শতাংশতকৈও অধিক জনসাধাৰণে এতিয়াও এই পৰিস্থিতিৰ সৈতে যুঁজি আছে। কৃষি খণ্ডৰ ভুল নীতি, বৈদেশিক মুদ্ৰাৰ মজুতৰ অভাৱ আৰু বিশ্বব্যাপী যোগান হ্ৰাস পোৱাৰ বাবে দেশত অৰ্থনৈতিক সমস্যা অব্যাহত আছে।