কৰ্ণাটকত বতৰে ধাৰণ কৰিছে ভয়াৱহ ৰূপ। বিগত কিছু দিনৰ পৰা ৰাজ্যখনত হোৱা ধৰাসাৰ বৰষুণৰ ফলত উত্তৰ কান্নাড়া জিলাৰ শ্বিৰুৰ গাঁৱত এখন পাহাৰ খহি পৰাৰ ফলত দুটা পৰিয়ালৰ ৭ গৰাকী লোক নিহত হৈছে।
মঙলবাৰে ৰাতিপুৱা এই পৰিয়াল দুটাৰ বাসগৃহত পাহাৰৰ মাটি খহি পৰাৰ ফলত এই কৰুণ ঘটনাটো সংঘটিত হয়।
উত্তৰ কান্নাড়া উপায়ুক্ত গংগুবায়ী মানকৰে প্ৰদান কৰা তথ্যৰ ভিত্তিত বিজেপি সাংসদগৰাকীয়ে কয় যে প্ৰায় ১৫-জন লোক বোকাত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে। বোকা আৰু শিলত আৱদ্ধ হৈ থকাসকলৰ ভিতৰত আছিল এটা পৰিয়ালৰ পাঁচজন সদস্য।
উল্লেখ্য যে, এসপ্তাহৰ পৰা জিলাখনত হোৱা অবিৰত বৰষুণৰ ফলত কেইবাখনো পাহাৰ ভাঙি পৰিছে। কিন্তু আজি পুৱা সংঘটিত ঘটনাটো অত্যন্ত ভয়াৱহ আৰু মৰ্মান্তিক বুলি মন্তব্য কৰে কেনাৰাৰ সাংসদ বিশ্বেশ্বৰ হেগদে কাগেৰীয়ে।