মঙলবাৰে নিশা কাছাৰ জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত তিনিজন উগ্ৰপন্থী নিহত হয়। অসম-মিজোৰাম সীমান্তৰ ভুবন পাহাৰত সংঘটিত হৈছে এই ঘটনা। খবৰ অনুসৰি দুয়ো পক্ষৰ মাজত চলা গুলীয়াগুলীৰ সময়তে মৃত্যু হয় তিনিজন উগ্ৰপন্থীৰ।
এই এনকাউণ্টাৰৰ পূৰ্বে কাছাৰৰ ধলাই গংগা নগৰত অস্ত্ৰসহ তিনি উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ পিছতে ধৃত উগ্ৰপন্থী তিনিজনক লগত লৈ আৰক্ষী অধীক্ষক নোমল মহন্তৰ নেতৃত্বত এটা দলে ভুবন পাহাৰলৈ যায়।
অভিযানৰ সময়ত পাহাৰত আত্মগোপন কৰি থকা আন উগ্ৰপন্থীয়ে প্ৰথমে গুলীচালনা কৰাৰ ফলত আৰক্ষীয়েও প্ৰত্যুত্তৰত গুলী চলাবলৈ বাধ্য হয়।
প্ৰায় এঘণ্টা ধৰি চলা গুলীচালনাৰ ফলত তিনিজন উগ্ৰপন্থীৰ মৃত্যু হয়। ইয়াৰে দুজন কাছাৰৰ আৰু এজন মণিপুৰৰ বুলি জানিব পৰা গৈছে।
ইফালে এই ঘটনাত তিনিজন আৰক্ষী আহত হোৱাৰ লগতে কাছাৰ আৰক্ষীৰ এখন বাহন ক্ষতিগ্ৰস্ত হয়।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই এনকাণ্টাৰৰ কথা নিশ্চিত কৰি এক্সযোগে কয়, ‘ৰাতিপুৱা হোৱা এটা অপাৰেচনত কাছাৰ আৰক্ষীৰ হাতত মৃত্যু হয় অসম আৰু চুবুৰীয়া মণিপুৰৰ ৩ জন হমাৰ উগ্ৰপন্থী। আৰক্ষীয়ে ঘটনাস্থলৰ পৰা ২টা এ কে ৰাইফলছ, আন এটা ৰাইফল আৰু এটা পিষ্টলো উদ্ধাৰ কৰে।’