ৰাজ্যত হৈছে কি? বৰ্তমানেও ৰাজ্যত চলি আছে নেকি এখন সুস্থ সমাজৰ অগ্ৰগতিত গতিৰোধক হৈ থিয় দিয়া অন্ধবিশ্বাস তথা কুসংস্কাৰ? এইবাৰ অন্ধবিশ্বাসৰ বলি হ’ল সৰুপথাৰৰ তিনিটাকৈ পৰিয়াল।
সৰুপথাৰ সমজিলাৰ অন্তর্গত চাংপুল গাঁৱত সংঘটিত হৈছে এক নাভুত- নাশ্ৰুত ঘটনা। ঘৰে-ঘৰে দেৱী পূজা কৰিবলৈ কৰে অদ্ভূদ কাণ্ড। শিশুৰ পৰা জেষ্ঠলৈ সাতদিন ব্ৰতত থাকি অৱশেষত চিকিৎসালয় পাব লগা হয় দহজনকৈ লোক।
এই বৈজ্ঞানিক যুগতো এক আচৰিত ঘটনা ঘটিছে সৰুপথাৰ সমজিলাৰ চাংপুল গাওঁ পঞ্চায়তত। সমগ্ৰ বিষয়টো আৰম্ভ হৈছিল এগৰাকী মহিলাৰ পৰা। মহিলা গৰাকীয়ে নিজৰ দেহত দেৱ-দেৱী লম্ভা বুলি কৈ তেওঁৰ পৰিয়াল আৰু কাষতে লাগি থকা সম্বন্ধীয়লোকক ব্ৰতত থাকিবলৈ কয়। এনে কৰিলে তেওঁলোকৰ দেহতো দেৱ-দেৱীয়ে থিতাপি ল’ব বুলি জনাই মহিলাগৰাকীয়ে।
ইয়াৰ পিছতেই আৰম্ভ হয় নাটকৰ দৰে চৰিত্ৰৰ ভাগ-বটোৱাৰা। কোনোজনে যদি দেৱী পূজাৰ বাবে চুবুৰীলৈ গৈ পূজাৰ নামত মহিলাৰ দেহ স্পৰ্শ কৰে, কোনোৱে আকৌ আকৌ ৰাস্তাৰ লোকক অপদস্থ কৰি নিজৰ ভৰিত ধৰিবলৈ বাধ্য কৰে।
এনেধৰণৰ কৰ্ম-কাণ্ডবোৰ দেখিয়েই ওচৰ-চুবুৰীয়াই তেওঁলোকক মানসিক ৰোগত আক্ৰান্ত হৈছে বুলি ভাবি গাওঁৰক্ষী বাহিনীক খবৰ দিয়ে। ইয়াৰ পিছতেই গাঁওৰক্ষী বাহিনীয়ে প্ৰশাসনক সমগ্ৰ বিষয়টো অৱগত কৰে। লগে লগে চিকিৎসা বিভাগৰ দল আৰু বৰপথাৰ আৰক্ষী আহি উপস্থিত হয় ঘটনাস্থলীত।
আৰক্ষীয়ে সৰ্বমুঠ ১০ জনক চিকিৎসাৰ বাবে গোলাঘাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু খবৰ অনুসৰি এই পৰিয়ালটোৰে দুগৰাকী সদস্য বৰ্তমানেও নিৰুদ্দেশ হৈ থাকে।
পিছে মন কৰিবলগীয়া বিষয় এইটোৱে যে, তেওঁলোকে প্ৰকৃতাৰ্থত মানসিক ৰোগতে আক্ৰান্ত হৈ এনেধৰণৰ আচৰণ কৰিছিল নে কাৰোবাৰ প্ৰৰোচনাত পৰি নীৰিহ লোকক ঈশ্বৰৰ ভয় দেখুৱাই টকা উপার্জনৰ পথ মুকলি কৰিছিল, সেইয়া ৰহস্যৰ আৱৰ্তত। এই সমগ্ৰ বিষয়টো সন্দৰ্ভত প্ৰশাসনৰ সমান্তৰালকৈ আদিবাসী ছাত্ৰ সন্থায়ো তদন্ত কৰি আছে।