পেহেলগাম কাণ্ডৰ পিছৰে পৰা ভাৰত-পাকিস্তানৰ মাজত দেখা দিয়া অস্থিৰতা সন্দৰ্ভত আহিছে এক ডাঙৰ খবৰ। ভাৰতৰ সৈতে চলি থকা সংঘৰ্ষৰ অন্ত পেলাবৰ বাবে পাকিস্তানে ৰাছিয়াৰ সহায় বিচৰা বুলি জানিব পৰা গৈছে।
বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, ভাৰতৰ সৈতে চলি থকা সংঘৰ্ষৰ পৰিসমাপ্তি ঘটাবলৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সহায় বিচাৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে। এই কথা জানিবলৈ দিয়ে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ বিশেষ সহায়ক চৈয়দ তাৰিক ফাতমীয়ে।
মঙলবাৰ অৰ্থাত ৩ জুনত ফাতমীয়ে মস্কোত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাৱৰোভক সাক্ষাত কৰে আৰু তেওঁ শ্বাহবাজ শ্বৰীফে পুটিনলৈ প্ৰেৰণ কৰা এখন চিঠিও প্ৰদান কৰে।
উল্লেখ্য যে, যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত ইছলামিক সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা নৃশংস আক্ৰমণত ২৬ গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছিল। এই ঘটনাৰ পিছতেই পাকিস্তানৰ কু-কাণ্ড বিশ্ববাসীক জনাবলৈ ভাৰত চৰকাৰে বিভিন্ন দেশলৈ প্ৰেৰণ কৰিছিল প্ৰতিনিধি দল।
ইয়াৰে ডি এম কেৰ সাংসদ কৰুণানিধিৰ নেতৃত্বত এটা সজাতি দলে ৰাছিয়া ভ্ৰমণ কৰি পাকিস্তানৰ কু-কাণ্ডৰ বিষয়ে জনাইছিল। প্ৰতিনিধি দলটোৰ সফল ভ্ৰমণৰ পিছতেই পাকিস্তানৰ এইগৰাকী চৰকাৰী বিষয়াৰ ৰাছিয়া ভ্ৰমণে বিশেষ গুৰুত্ব বহন কৰিছে।