দেশত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰা কৰ’ণা ভাইৰাছৰ সংক্ৰমণক লৈ উদ্বিগ্ন হৈ পৰিছে দেশবাসী। দেশত এতিয়া সক্ৰিয় ৰোগীৰ সংখ্যা ৪৮৬৬ লৈকে বৃদ্ধি পাইছে। ১৯ মে’ত এই সংখ্যা আছিল মাত্ৰ ২৫৭।
৪ জুনত দেশত নতুনকৈ ২৭৬ গৰাকী লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ লগতে ইয়াৰ ফলত ৭ জন লোকৰ মৃত্যু হয়। সম্প্ৰতি দেশৰ কেইবাখনো ৰাজ্যলৈ সম্প্ৰসাৰিত হৈছে কৰ’ণা।
বৰ্তমান কেৰালাত আছে সৰ্বাধিক সক্ৰিয় ৰোগীৰ সংখ্যা। কেৰালাত সৰ্বাধিক ১৩৭৩ গৰাকী সক্ৰিয় ৰোগীৰ বিপৰীতে ৫১০ গৰাকীৰে দ্বিতীয় স্থানত আছে মহাৰাষ্ট্ৰ।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা মতে, বৰ্তমান ভাৰতত ৪৩০০ৰো অধিক ক’ভিড-১৯ ৰোগী আছে, অৱশ্যে ইয়াৰে অধিকাংশৰ লক্ষণ সামান্য আৰু ঘৰতে চিকিৎসাধীন হৈ আছে।
ইফালে ২০২৫ বৰ্ষৰ ১ জানুৱাৰীৰ পৰা এই পৰ্যন্ত কৰ’ণাৰ ফলত ৪৪ গৰাকী লোকৰ মৃত্যু হৈছে। লক্ষ্যণীয় কথাটো এয়াই যে ক’ভিডৰ ফলত মৃত্যু হোৱা এই লোকসকল অন কোনো গুৰুতৰ ৰোগত আক্ৰান্ত আছিল।
বৰ্তমান কেৰালা, মহাৰাষ্ট্ৰ, গুজৰাট আদি ৰাজ্যত কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা সৰ্বাধিক।