পুনৰ দিল্লীত নিৰ্যাতনৰ বলি উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতী। এদল যুৱকৰ নিৰ্যাতনৰ সন্মুখীন উত্তৰ- পূৱৰ ২ গৰাকীকৈ যুৱতী। দিল্লীৰ নেহৰু প্লেচত সংঘটিত হৈছে এই ঘটনা।
বহিঃৰাজ্যত অসমৰ যুৱক-যুৱতী নিৰ্যাতনৰ বলি হোৱাটো কোনো নতুন ঘটনা নহয়। শেহতীয়া সময়ত এনে বহু ঘটনা পোহৰলৈ আহিছে, য’ত কৰ্মসূত্রে বা শিক্ষাৰ বাবেই বহিঃৰাজ্যলৈ যোৱা উত্তৰ-পূৱৰ যুৱক-যুৱতীসকল ৰহস্যজনকভাৱে মৃত্যু বা নিৰুদ্দেশ হৈছে।
শেহতীয়াকৈ ৰাজধানী দিল্লীত সংঘটিত হোৱা ঘটনাই জোকাৰি গৈছে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল। উল্লেখ্য যে দেওবাৰে পুৱা দিল্লীৰ নেহৰু প্লেচত এদল যুৱকৰ নিৰ্যাতনৰ সন্মুখীন হয় উত্তৰ-পূৰ্বাঞ্চলৰ ২ গৰাকীকৈ যুৱতী। ইয়াৰে এগৰাকী যুৱতী অসমৰ আৰু আনগৰাকী ডিমাপুৰৰ বুলি জানিব পৰা গৈছে।
অভিযোগ অনুসৰি, উদণ্ড যুৱকৰ দলটোৱে যুৱতী দুগৰাকীক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ লগতে কাপোৰ ফালি দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱতী ২ গৰাকীয়ে ইতিমধ্যে দিল্লী আৰক্ষীত গোচৰ ৰুজু কৰিছে।
আনহাতে দিল্লী আৰক্ষীয়ে ঘটনাটো সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপণ কৰিছে ভুক্তভোগী যুৱতী ২ গৰাকীয়ে। দিল্লীত পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীয়ে নিৰাপত্তাহীনতাত ভোগাৰ ঘটনাই এতিয়া পুনৰ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে।








