No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- কাইলৈ ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই। ১২ মে’ত অসমত তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব এন ডি এ চৰকাৰে। NDAৰ বিধায়নী দলৰ নেতা ড০ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তিত অনুমোদন দিছে ৰাজ্যপালে। পুৱা ১১.৪০ বজাত শপত গ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই। এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন।
- দেশত নাটনি হ’ব পাৰে পেট্ৰ’ল-ডিজেলৰ। দেশবাসীলৈ প্ৰধানমন্ত্ৰী মোদীৰ সতৰ্কবাণী। ইয়াৰ বাবে পেট্ৰ’ল-ডিজেল কমকৈ ব্যৱহাৰ কৰাৰ লগতে হিচাপত গেছ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। বৈশ্বিক সংকটৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে আহ্বান মোদীৰ। তেওঁ কয় যে, ভাৰতত কোনো বৃহৎ বৃহৎ তেলৰ কুঁৱা নাই। বৰঞ্চ ভাৰতে পেট্ৰ’ল, ডিজেল আৰু গেছ আন দেশৰ পৰা বৃহৎ পৰিমাণে আমদানি কৰিব লগা হয়। যুদ্ধৰ বাবে বিশ্বজুৰি পেট্ৰ’ল, ডিজেল, গেছ, সাৰৰ দাম যথেষ্ট বৃদ্ধি পাইছে বুলি কয় মোদীয়ে। লগতে ৱৰ্ক ফ্ৰম হোমৰ ব্যৱস্থা কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ।
- যাত্ৰীবাহী বিমানত ভয়ংকৰ জুই। বিমানবন্দৰত অৱতৰণৰ সময়তে জুই লাগে বিমানত। ইয়াৰ পিছতে শ শ যাত্ৰীৰ মাজত লাগে হাহাকাৰ। বিমানখনত আছিল ২৭৮ গৰাকী যাত্ৰী। নেপালত কাঠমাণ্ডুৰ বিমান বন্দৰত এই অঘটন। পিছে সৌভাগ্যবশতঃ নিৰাপদে উদ্ধাৰ কৰা হৈছে যাত্ৰী, ক্ৰু মেম্বাৰসকলক।
- মধ্যপ্ৰাচ্যত অব্যাহত আছে যুদ্ধৰ উত্তেজনাময় পৰিস্থিতি। আমেৰিকাক ৰোধিবলৈ নতুন ৰূপত সাজু ইৰাণ।মিছাইল-ড্ৰোণেৰে টাৰ্গেট আমেৰিকাৰ প্ৰতিখন জাহাজ-বিমানত। আমেৰিকাই আক্ৰমণ কৰিলেই ইৰাণে টিপিব ফায়াৰ বাটন। পুনৰ যুদ্ধৰ আশংকা প্ৰকট হৈ পৰিছে পশ্চিম এছিয়াত। আমেৰিকা আৰু ইৰাণৰ মাজত যেন বৃদ্ধি পাইছে এতিয়া ভয়ংকৰ সামৰিক সংঘাতৰ আশংকা।ইয়াৰ মাজতে শেহতীয়াকৈ মধ্যপ্ৰাচ্যত আমেৰিকাৰ সামৰিক কাৰ্যকলাপ বৃদ্ধি পোৱাত ইৰানে আমেৰিকাক কঠোৰ সতৰ্কবাণী জাৰি কৰিছে।
No Result
View All Result