আই পি এলৰ খিতাপ দখলৰ পিছতেই বাংগালুৰুত আয়োজন কৰা বিজয় উৎসৱ ৰেলীত হোৱা পদপিষ্টৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চাৰিগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা লোক চাৰিজনৰ ভিতৰত আছে আৰ চি বিৰ শীৰ্ষ মাৰ্কেটিং বিষয়া নিখিল ছোছলে। বিমান বন্দৰলৈ গৈ থকা সময়তে বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।
ইফালে এই ঘটনাত গ্ৰেপ্তাৰ হোৱা আন তিনিজন লোক হৈছে ইভেণ্ট মেনেজমেণ্ট কোম্পানী ডি এন এৰ। ইফালে কৰ্ণাটক ষ্টেট ক্ৰিকেট এছ’চিয়েশ্যনৰ দুজন বিষয়া ক্ৰমে সচিব শংকৰ আৰু কোষাধ্যক্ষ জয়ৰাম পলাতক অৱস্থাত আছে।
আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান গ্ৰেপ্তাৰ কৰা লোক কেইজনক জেৰা চলাই আছে। এই ঘটনাক লৈ আৰু কেইবাগৰাকীও লোক গ্ৰেপ্তাৰ হোৱা সম্ভাৱনা আছে বুলি জনাইছে আৰক্ষীয়ে।
শীৰ্ষ আৰক্ষী বিষয়া অক্ষয়ৰ নেতৃত্বত শনিবাৰে ওৰে নিশা চলোৱা অভিযানত নিখিল, কৰম, সুমন্ত আৰু সুনীল মেথিউক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জনোৱা মতে, এজাহাৰ দাখিল কৰাৰ পিছতেই নিখিলে মুম্বাইয়ে ৰাওনা হ’ব বিচাৰিছিল আৰু তেতিয়াই কেম্পেগৌড়া বিমান বন্দৰত পুৱতি নিশা প্ৰায় ৩.৩০ বজাত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
উল্লেখ্য যে, আ চি বিয়ে প্ৰথমবাৰৰ বাবে আই পি এলৰ খিতাপ দখলৰ পাছতেই দলটোক সন্মান জনোৱাৰ উদ্দেশ্যে বাংগালুৰুত আয়োজন কৰা হৈছিল বিজয় উৎসৱ। এই সময়তে এম চিন্নাস্বামী ষ্টেডিয়ামৰ সন্মুখত অজস্ৰ লোকৰ সমাগম হোৱাত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু ঘটনাত ১১ গৰাকী লোকৰ মৃত্যু হয় আৰু ৫০ৰো অধিক লোক গুৰুতৰভাৱে আহত হয়।