সম্পূৰ্ণ ১২ বছৰৰ পিছত ভাৰতীয় নাগৰিক হিচাপে স্বীকৃতি লাভ কৰিলে এজন লোক। ২০১২ চনৰ ১২ মাৰ্চত বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি অভিযুক্ত কৰিছিল এজন লোকক। তেতিয়াৰ পৰাই ন্যায়ালয়ত বিচাৰাধীন হৈ আছিল গোচৰ।
অৱশেষত শীৰ্ষ আদালতে লোকজনক ভাৰতীয় নাগৰিক বুলি স্বীকৃতি প্ৰদান কৰিলে। ন্যায়াধীশ বিক্ৰম নাথ আৰু আহছানুদ্দিন আমানুল্লাহৰ বিচাৰপীঠে এই ৰায় প্ৰদান কৰে।
এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কয় যে, ন্যায়াধীকৰণে এজন ব্যক্তিক কোনো ধৰণৰ সন্দেহ বা বেশ-ভূষাৰ ভিত্তিত বিদেশী বুলি অভিযুক্ত কৰিব নোৱাৰে।
উল্লেখ্য যে, নলবাৰী জিলাৰ কাশিমপুৰ গাঁৱৰ বাসিন্দা ৰহিম আলীক বিদেশী ঘোষণা কৰিছিল ন্যায়াধীকৰণে। ২০১২ চনতে ন্যায়াধীকৰণে বিদেশী ঘোষণা কৰিছিল ৰহিম আলীক।
ন্যায়ালয়ত গোচৰ চলি থকাৰ সময়তে ২০২১ চনৰ ২৮ ডিচেম্বৰত ৫৮ বছৰ বয়সত মৃত্যু হৈছিল ৰহিম আলীৰ। মৃত্যুৰ পূৰ্বে ৰহিম আলীয়ে কৈছিল যে, তেওঁ বহুত অসুস্থ আছিল সেইকাৰণে তেওঁ ন্যায়াধীকৰণৰ সন্মুখত হাজিৰ হ’ব নোৱাৰিলে।
প্ৰথমে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল, অৱশ্যে কোনো ধৰণৰ সুফল লাভ নকৰিলে। পৰৱৰ্তীসময়ত ২০১৭ চনত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল ৰহিম আলীয়ে। অৱশেষত উচ্চতম ন্যায়ালয়ে ভাৰতীয় নাগৰিক বুলি স্বীকৃতি দিয়াৰ পিছতে এতিয়া উৎফুল্লিত হৈ পৰিছে ৰহিম আলীৰ পৰিয়াল।