বৰ্তমান সময়ত মাইগ্ৰেইন ৰোগীৰ সংখ্যা প্ৰায়ে বৃদ্ধি পাই আহিছে। মাইগ্ৰেইনৰ মূৰৰ বিষৰ উপৰিও বমি, চকু আৰু কাণৰ পিছফালে বিষ, উজ্জ্বল পোহৰ আৰু শব্দৰ সমস্যাৰ দৰে লক্ষণো দেখা দিয়ে।
বেছিভাগ মানুহেই মাইগ্ৰেইনক গুৰুত্বসহকাৰে লোৱা নলয় আৰু ইয়াৰ বিষৰ পৰা হাত সাৰিবলৈ বহুতো বিষনাশক ঔষধো গ্ৰহণ কৰে। মাইগ্ৰেইনৰ বিষ চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ নিজাববীয়াকৈ চিকিৎসা কৰিব নালাগে।
যদিও কিছুমান ঘৰুৱা উপায়ে মাইগ্ৰেইনৰ বিষৰ পৰা সকাহ দিব পাৰে, কিন্তু এক নতুন গৱেষণাৰ মতে খাদ্যত বিশেষ বস্তু এটা অন্তৰ্ভুক্ত কৰিলে মাইগ্ৰেইনৰ বিষ বহু পৰিমাণে হ্ৰাস কৰিব পৰা যায়। গৱেষকসকলে কয় যে Omega-3 Fatty Acid এ মাইগ্ৰেইন আধালৈ হ্ৰাস কৰে। বিশেষকৈ যুৱতীসকলৰ ক্ষেত্ৰত ওমেগা-৩ ফেটি এচিড ফলপ্ৰসূ হৈছে।
এই অধ্যয়ন ১৮২ জন লোকৰ ওপৰত কৰা হৈছিল, ইয়াৰে ৮৮% মহিলা। এই মহিলাসকলৰ গড় বয়স আছিল প্ৰায় ৩৮ বছৰ, যিসকলৰ প্ৰতিমাহে ৫ৰ পৰা ২০টা মাইগ্ৰেইন হৈছিল। এই মহিলাসকলক তিনিটা ভিন্ন গোটত ভাগ কৰি খাদ্য অনুসৰি বিভিন্ন পৰিমাণৰ ওমেগা-৩ ফেটি এচিড দিয়া হৈছিল।
গৱেষকসকলে কয় যে খাদ্যাভ্যাস সলনি কৰি বিষৰ চিকিৎসা কৰিব পাৰি। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে এই অধ্যয়নৰ পিছত মাইগ্ৰেইন ৰোগীক উচ্চ ওমেগা-৩ খাদ্য গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিব পাৰি। ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাৰ তথ্য অনুসৰি তেলযুক্ত মাছ সপ্তাহত দুবাৰকৈ স্বাস্থ্যসন্মত আৰু সুষম আহাৰত খাব লাগে।
স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে বায়’ফিডবেক, যোগাসন, একুপ্ৰেচাৰ আৰু নিয়মীয়া ব্যায়ামেও মাইগ্ৰেইনৰ আক্ৰমণ হ্ৰাস কৰাত সহায় কৰে। মাইগ্ৰেইনৰ পৰা হাত সাৰিবলৈ হ’লে মূৰৰ বিষ হোৱা কাৰণ যেনে উচ্চ শব্দ বা মানসিক চাপৰ পৰা আঁতৰি থাকিব লাগে। বেছি দিন ভোকত থাকিব নালাগে। ইয়াৰ বাহিৰেও সময়মতে শুই থকা আৰু সাৰ পোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে।