ধুবুৰীৰ পিছত এইবাৰ গোৱালপাৰাত লাগিছে হাহাকাৰ। গোৱালপাৰা জিলাৰ বালিজানা ৰাজহ চক্ৰ বিষয়াৰ এখন জাননীয়ে হাহাকাৰ লগাইছে হাচিলা বিলত।
এই উচ্চেদৰ জাননীক লৈয়ে গোৱালপাৰাত বৰ্তমান উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ২০০০টা পৰিয়াললৈ জাননী প্ৰেৰণ কৰা হৈছে।
গোৱালপাৰা জিলাৰ বালিজান ৰাজহ চক্ৰৰ অন্তৰ্গত হাচিলা বিলত পুনৰ উচ্ছেদৰ জাননী প্ৰদান কৰা হৈছে। প্ৰশাসনৰ পৰা প্ৰকাশ পোৱা জাননী অনুসৰি, স্থানীয় লোকসকলক দুদিনৰ সময়সীমা দিয়া হৈছে। এই সময়চোৱাৰ ভিতৰত ঘৰ-বাৰী, দোকান-পোহাৰ, অট্টালিকা তথা অন্যান্য ঠায়ো খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
উল্লেখযোগ্য যে, যদি নিৰ্ধাৰিত সময়ৰ ভিতৰত ভূমি খালী নকৰে, তেন্তে প্রশাসনে আইনগত ব্যৱস্থা গ্ৰহণ কৰি সকলো অবৈধ স্থাপনৰ উচ্ছেদ কৰিব বুলি জাননীৰ দ্বাৰা স্পষ্টভাৱে উল্লেখ কৰিছে। এই খবৰৰ লগে লগে সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাৰো সৃষ্টি হৈছে। উচ্ছেদ সম্বন্ধে আব্দুৰ ৰহিম জিব্ৰানে মুখ্যমন্ত্ৰীৰ সৈতে যোগাযোগ কৰি আছে বুলি জনায়।