আহমেদাবাদ বিমান দুৰ্ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই এইবাৰ আন এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ আহিছে। গুপ্তকাশীৰ পৰা কেদাৰনাথ ধামলৈ যাত্ৰা কৰা এখন হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হোৱাত পাঁচগৰাকী লোকৰ মৃত্যু হয়।
ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে দুৰ্ঘটনা সংঘটিত হোৱা অঞ্চললৈ উদ্ধাৰকাৰী দল ৰাওনা হোৱা বুলি প্ৰশাসনৰ তৰফৰ পৰা জানিব দিয়া হৈছে।।
বেয়া বতৰৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে। হেলিকপ্টাৰখনত আছিল ৬ গৰাকী যাত্ৰী, আৰু ইয়াৰে পাঁচজনৰে মৃত্যু হয়।
তথ্য অনুসৰি এই হেলিকপ্টাৰখনে বহন ক্ষমতাতকৈ অধিক লোকক কঢ়িয়াই নিয়া বুলিও সন্দেহ প্ৰকাশ কৰা হৈছে।
উত্তৰাখণ্ডৰ এগৰাকী শীৰ্ষ বিষয়াই জানিব দিয়া অনুসৰি, গৌৰীকুণ্ডত নিৰুদ্দেশ হোৱা হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি জানিবলৈ পৰা গৈছে। দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনত ৬জন লোক আছিল।