উত্তৰ প্ৰদেশৰ আমেঠী জিলাত সংঘটিত হৈছে এক শিহৰণকাৰী পথ দুৰ্ঘটনা। মৃতদেহ কঢ়িয়াই নিয়া এখন এম্বুলেঞ্চে এখন পিকআপ বাহনত প্ৰচণ্ড জোৰত খুন্দিওৱাৰ ফলত এম্বুলেঞ্চখনত থকা ৬ গৰাকী লোকৰ পাঁচগৰাকী লোকৰেই মৃত্যু হয়। দেওবাৰে পুৱা সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো।
খবৰ লাভ কৰাৰ পিছতেই আৰক্ষীয়ে ঘটনাস্থত উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন আঁতৰাই যাতায়াত সুচল কৰাৰ বাবে পূৰ্বাঞ্চল এক্সপ্ৰেছ ৱে’ খালী কৰি দিয়ে।
স্থানীয় আৰক্ষী থানাৰ এগৰাকী বিষয়াই সংবাদ মাধ্যমক জনোৱা অনুসৰি ৰাতিপুৱা প্ৰায় ৬ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো। মৃতদেহ কঢ়িয়াই অনা এম্বুলেঞ্চখনে আত্মীয়ৰ সৈতে হাৰিয়ানাৰ পৰা বিহাৰলৈ গৈ আছিল। এই সময়তে এক্সপ্ৰেছ ৱে’ত আগে আগে গৈ থকা এখন পিক আপ বাহনক পাছৰ পৰা প্ৰচণ্ড জোৰত খুন্দা মাৰে এম্বুলেঞ্চখনে।
দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে এম্বুলেঞ্চখনত থকা ৬গৰাকী লোকৰ ৫ জনৰেই মৃত্যু হয়। ঘটনাটোত গুৰুতৰভাৱে আহত হয় এজন লোক। মৃত আটাইকেইজন লোক বিহাৰৰ বুলি চিনাক্ত কৰা হৈছে।