ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ লিংক সংযোগ কৰিবলৈ ইন্দোৰত তদন্তৰ পৰিসৰ বৃদ্ধি কৰিছে। তাৰ পিছত তেওঁলোকে এক চাঞ্চল্যকৰ তথ্য পাইছে যে সঞ্জয় বাৰ্মা নামৰ এজন ব্যক্তিৰ লগত সোনমে বহুবাৰ সংযোগ স্থাপন কৰিছিল।
খবৰ অনুসৰি, ২৫ দিনত সঞ্জয় বাৰ্মাৰ সৈতে সোনমে ১১২ বাৰ কথা পাতিছিল। দৰাচলতে ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ গোচৰত সঞ্জয় বাৰ্মাৰ নাম ওলোৱাৰ পিছত গোটেই ঘটনাটোৱে নতুন ৰূপ লৈছিল। ইয়াৰ ফলত এই হত্যাকাণ্ডৰ গোচৰত সঞ্জয় বাৰ্মা নামৰ এই ব্যক্তিজন কোন আছিল সেই লৈ প্ৰশ্ন উত্থাপন হৈছিল।
আৰক্ষীয়েও এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। বুধবাৰে নিশা আৰক্ষীৰ সূত্ৰই জনোৱা, দৰাচলতে ৰাজে সঞ্জয় বাৰ্মাৰ নামত এখন ভুৱা চিম লৈছিল। সঞ্জয় বাৰ্মাৰ নামত লোৱা ভুৱা চিমৰ পৰা ৰাজে সোনমৰ সৈতে কথা পাতিছিল।
এইদৰেই পোহৰলৈ আহিল যে, সঞ্জয় বাৰ্মা আচলতে ৰাজ।দৰাচলতে ৰাজা হত্যাকাণ্ডৰ বিন্দু সংযোগ কৰিবলৈ ইন্দোৰলৈ অহা মেঘালয় আৰক্ষীয়ে বুধবাৰে সোনম আৰু তেওঁৰ প্ৰেমিক ৰাজ কুশৱাহাৰ ঘৰত উপস্থিত হৈ পৰিয়ালৰ লোকৰ বক্তব্য লয়।