এইখন দেশতেই ঘটিছে এই আজৱ কাণ্ড। চোৰ কৰিবলৈ আহি চোৰে ঘৰৰ তিনিটা কোঠা আৰু চাৰিটা আলমাৰীৰ তলা ভাঙি নগদ ২.৫ লাখ টকা আৰু প্ৰায় ৯৭ লাখ টকাৰ হীৰা, সোণ-ৰূপৰ গহনা চুৰি কৰি লৈ যায়। কেৱল এয়াই নহয়, চোৰে পাকঘৰৰ ফ্ৰীজৰ পৰা কাজু-বাদাম আৰু পিষ্টাচিয়া খায় লগতে শোৱা কোঠাত বহি বিড়িও খায়। ঘটনাৰ সময়ত গৃহস্থ আছিল বেংগালুৰুত।
উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ জাংকিপুৰম ভিষ্টাৰ অঞ্চলৰ থাৰ্কপুৰ জাগীৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা। পেট্ৰ’ল পাম্প অপাৰেটৰ দুৰ্গেশ মিশ্ৰৰ ঘৰক লক্ষ্য কৰি লয় চোৰে।
উক্ত ঘটনাৰ পিছদিনা গভীৰ নিশা বেংগালুৰুৰ পৰা উভতি আহি গৃহস্থ ঘৰৰ গেটৰ তলা ভাঙি থকা দেখি আচৰিত হয়। এই ঘৰৰ অৱস্থা দেখি আচৰিত হৈ পৰে গৃহস্থ। কোঠাৰ ভিতৰৰ সকলোবোৰ বস্তু ইফালে-সিফালে পৰি সিঁচৰতি হৈ আছিল।
আৰক্ষীৰ তথ্য অনুসৰি, প্ৰায় ২ঘণ্টাৰ পৰা ডেৰ-দুই ঘণ্টা ধৰি ঘৰটোত আছিল চোৰ কেইটা। পাকঘৰত শুকান ফল পৰি আছিল আৰু শোৱা কোঠাত আধা সেৱন কৰা বিড়িও আছিল। ইতিমধ্যে আৰক্ষীয়ে চিচিটিভিৰ ফুটেজো সংগ্ৰহ কৰিছে।
ইতিমধ্যে কেইবাজনো সন্দেহযুক্ত লোকক আৰক্ষীয়ে আটক কৰিছে। ক্ৰাইম ব্ৰাঞ্চকে ধৰি চাৰিটা দলে চোৰৰ সন্ধানত অভিযান চলাই আছে। জাংকিপুৰম পৰিদৰ্শকে জানিবলৈ দিয়া মতে, অচিনাকি চোৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।