ভাৰতক যোগ গুৰু বুলি কোৱা হয়।শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে যোগাসন উপকাৰী।যোগাভ্যাসে শৰীৰক ৰোগমুক্ত কৰি ৰাখে আৰু মনক শান্তি দিয়ে। ভাৰতত প্ৰাচীন কালৰে পৰাই যোগ-চৰ্চা চলি আহিছে।
প্ৰতি বছৰে ২১ জুনত সমগ্ৰ বিশ্বই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰে। এই দিৱসটোৱে শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে যোগৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে এই বৰ্ষৰ বিষয়বস্তু হৈছে “এক পৃথিৱী, এক স্বাস্থ্যৰ বাবে যোগ”। যোগে শৰীৰক শক্তিশালী কৰে, মনক শান্ত কৰে আৰু দৈনন্দিন জীৱনত উচ্চ সচেতনতা আৰু দায়িত্ববোধৰ লালন-পালন কৰে।
২১ জুন তাৰিখটো উত্তৰ গোলাৰ্ধত বছৰৰ আটাইতকৈ দীঘলীয়া দিন হয়, যিটোক গ্ৰীষ্মকালীন সংক্ৰান্তি বুলি জনা যায়। এই দিনটোতে সূৰ্যৰ ৰশ্মি বেছিকৈ পৃথিৱীত পৰে। এই দিন আৰু ৰাতিৰ সময় সমান হয়। যাৰ বাবে মন আৰু স্বাস্থ্যৰ মাজত ভাৰসাম্যতা বৰ্তি থাকে। যাৰ বাবে আজিৰ এই দিনটোত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়।
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘত ২১ জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়।২০১৪ চনৰ ১১ ডিচেম্বৰত ১৭৫খন ৰাষ্ট্ৰৰ সমৰ্থনেৰে প্ৰস্তাৱটি গৃহীত হয়। তাৰ ঠিক পিছৰে পৰা ২০১৫ চনৰ পৰা সমগ্ৰ বিশ্বতে ২১ জুন তাৰিখটো আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰি অহা হৈছে।