২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত হয় এক ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ। এই পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ গোচৰত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই লাভ কৰিছে এক বৃহৎ সফলতা। এই সন্ত্ৰাসবাদী আক্ৰমণৰ লগত জড়িত সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ অভিযোগত NIA-এ ইতিমধ্যে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে।নৰসংহাৰকাৰী সন্ত্ৰাসবাদীক আশ্ৰয় দি গ্ৰেপ্তাৰ হয় পাৰভেজ আহমেদ আৰু বছিৰ আহমেদ।