বয়স বৃদ্ধিৰ লগে লগে আমাৰ শৰীৰত এনে বহু পৰিৱৰ্তনে দেখা দিবলৈ আৰম্ভ কৰে, যাৰ ফলত আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ উঠিব পাৰে।
যদি কোনো এজন ব্যক্তি ৩০ বছৰৰ উৰ্ধৰ হয়, তেন্তে তেওঁ নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱা উচিত। বেমাৰ হোৱাৰ আগতে শৰীৰে কিছু সংকেত দি থাকে। বহু সময়ত বাহিৰৰ পৰা কিছু সমস্যা বুজি পোৱা নাযায়। সেইবাবে চিকিৎসকে স্বাস্থ্য পৰীক্ষাৰো পৰামৰ্শ দিয়ে।
কিছুমান পৰীক্ষা আছে যিবোৰ বছৰত এবাৰ হ’লেও কৰাব লাগে। ৰাঁচীৰ ডাঃ বিকাশে নিজৰ সামাজিক মাধ্যমত এনে ১০টা পৰীক্ষাৰ পৰামৰ্শ দিছে, যি ৩০ৰোৰ্ধৰ ব্যক্তিয়ে কৰিব লাগে।
এই পৰীক্ষাবোৰ হ’ল-
- CBC(সম্পূৰ্ণ তেজৰ গণনা)
- LFT(Liver Function Test)- বিশেষকৈ মদ্যপান কৰা সকলৰ বাবে
- KFT(বৃক্কৰ কাৰ্য্য পৰীক্ষা)
- ব্লাড চুগাৰ- (যিসকলৰ পিতৃ-মাতৃ ডায়েবেটিছ ৰোগী)
- লিপিড প্ৰফাইল
- বি পি পৰীক্ষা
- থাইৰয়ডৰ কাৰ্য্য পৰীক্ষা
- ভিটামিন ডি
- ভিটামিন বি১২-
এনে কৰিলে প্ৰাৰম্ভিক পৰ্যায়তেই আমাৰ ৰোগ ধৰা পৰাৰ সম্ভাৱনা থাকে। বহুবাৰ এনেকুৱা হয় যে ডায়েবেটিছ, লিভাৰ, কিডনী, লিভাৰ সম্পৰ্কীয় ৰোগবোৰ হঠাতে ধৰা পৰে।