ইংলেণ্ডৰ বিৰুদ্ধে আৰম্ভ হোৱা টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত জয়ৰ স্বপ্ন দেখা শুভমন গিল বাহিনীৰ সন্মুখত বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে ইংলেণ্ডৰ অপেনাৰদ্বয় বেন ডাকেট আৰু জেক ক্ৰলি। মেচখনৰ দ্বিতীয় ইনিংছত বাওঁহতীয়া অপেনাৰ বেন ডাকেটে ৰচিলে ইতিহাস। ইয়াৰ পূৰ্বে ইংলেণ্ডৰ কোনো বেটাৰে কৰিব নোৱাৰা কৃতিত্ব গঢ়িলে বেন ডাকেটে।
লীডছত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন মেচত বেন ডাকেটে প্ৰথম ইনিংছত অৰ্ধশতকীয় ইনিংছ আৰু দ্বিতীয় ইনিংছত দৰ্শনীয় শতকীয় ইনিংছ খেলে।
লীডছ টেষ্টৰ চতুৰ্থ ইনিংছত শতক অৰ্জন কৰা ইংলেণ্ডৰ প্ৰথমগৰাকী অপেনাৰ
উল্লেখ্য যে, লীডছত অনুষ্ঠিত হোৱা টেষ্টৰ চতুৰ্থ ইনিংছত এতিয়ালৈকে কেৱল এজন অপেনাৰেহে শতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। তেওঁ আছিল অষ্ট্ৰেলিয়াৰ আৰ্থাৰ মৰিছ। ১৯৪৮ চনত আৰ্থাৰ মৰিছে ইংলেণ্ডৰ বিৰুদ্ধে অপেনিং কৰি চতুৰ্থ ইনিংছত ১৮২ ৰানৰ দুৰ্দান্ত শতকীয় ইনিংছ খেলিছিল। ইয়াৰ পিছৰ পৰা এই মেচখনলৈ কোনো অপেনিং বেটাৰে শতকীয় ইনিংছ খেলিবলৈ সক্ষম হোৱা নাই। কিন্তু আজি বেন ডাকেটে শতকীয় ইনিংছ খেলি দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলায়।
বেন ডাকেটে প্ৰথম ইনিংছত ৬২ ৰান আৰু দ্বিতীয় ইনিংছত শতকীয় ইনিংছ খেলি ক্ৰিজত অপৰাজিত হৈ আছে। বেন ডাকেটে এই পৰ্যন্ত টেষ্ট কেৰিয়াৰত ৬টা শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ বিৰুদ্ধে এইটো আছিল ডাকেটৰ দ্বিতীয়টো শতক।
উল্লেখ্য যে, প্ৰথমখন টেষ্টত ভাৰতে ইংলেণ্ডক জয়ৰ বাবে ৩৭১ ৰানৰ লক্ষ্য বান্ধি দিছে। ইংলেণ্ডে এই পৰ্যন্ত মাত্ৰ দুটা উইকেট হেৰুৱাই ২০০ৰো অধিক ৰান সংগ্ৰহ কৰিছে। অৰ্থাত ক্ৰমান্বয়ে শক্তিশালী ৰূপত জয়ৰ দিশে আগবাঢ়িছে ইংলেণ্ড।