কংগ্ৰেছ সাংসদ শশী থাৰুৰে প্ৰাকে প্ৰকাৰন্তে নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰা কাৰ্যক কটু সমালোচনা কৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই। খাৰ্গেই কয় যে আমাৰ বাবে দেশ প্ৰথম, আনহাতে কিছুমান মানুহৰ বাবে প্ৰধানমন্ত্ৰী মোদী প্ৰথম।
শশী থাৰুৰ আৰু কংগ্ৰেছ দলৰ মাজত আৰম্ভ হোৱা বিসম্বাদৰ খবৰ পোহৰলৈ অহাৰ পিছতেই ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীৰ এই মন্তব্যই ৰাষ্ট্ৰীয় ৰাজনীতিত খলকনিৰ সৃষ্টি কৰিছে।
কংগ্ৰেছৰ সভাপতি খাৰ্গেৰ বক্তব্যৰ পিছতে চৰ্চালৈ আহিছে তিৰুৱনন্তপুৰমৰ সাংসদ শশী থাৰুৰৰ প্ৰতিক্ৰিয়া। শশী থাৰুৰে এক্সত পোষ্ট কৰি কয়, ‘উৰণৰ বাবে অনুমতি নিবিচাৰিব, ডেউকা আপোনাৰ আৰু আকাশ কাৰোৰে নহয়।’
ইয়াৰ পূৰ্বে খাৰ্গে কৈছিল, ‘শশী থাৰুৰৰ ইংৰাজী বহুত ভাল। মই ইংৰাজী ভালদৰে পঢ়িব নোৱাৰো। তেওঁৰ ভাষা বহুত ভাল, সেইবাবেই আমি তেওঁক কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্য কৰি দিছো।’
কংগ্ৰেছৰ অধ্যক্ষগৰাকীয়ে লগতে কয়, ‘পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত ২৬ নিৰীহ লোক নিহত হৈছিল। সমগ্ৰ বিৰোধীয়ে সেনাবাহিনীৰ সৈতে থিয় দিছে। আমি কৈছিলো দেশ প্ৰথম, দল পিছত। কিছুমানে ভাবে মোদী প্ৰথম আৰু দেশ পিছত। আমি কি কৰিম?’
উল্লেখ্য যে, শশী থাৰুৰ আৰু কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ এই বাক্যবাণে কংগ্ৰেছৰ ভিতৰচ’ৰাত জোকাৰণিৰ সৃষ্টি কৰাৰ লগতে ৰাজনৈতিক মহলতো ব্যাপক চৰ্চা লাভ কৰিছে।