১৫ জুলাইৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে চলা দুচকীয়া বাহনসমূহে টোল কৰ দিব লাগে বুলি ওলোৱা খবৰক মিছা বুলি আখ্যা দিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে। বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা এই খবৰক সম্পূৰ্ণৰূপে মিছা বুলি তেওঁ কয়।
নীতিন গাডকাৰীয়ে নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰি কয়, ‘দুচকীয়া বাহনত টোল কৰ আৰোপ কৰাৰ সন্দৰ্ভত কিছুমান মিডিয়া হাউছে ভুল তথ্য বিয়পাইছে। এনে কোনো সিদ্ধান্ত প্ৰস্তাৱ কৰা হোৱা নাই। দুচকীয়া বাহনৰ টোলৰ ৰেহাই সম্পূৰ্ণৰূপে চলি থাকিব।’
ইফালে ভুল তথ্য বিয়পোৱা কাৰ্যক গৰিহনা জনাই মন্ত্ৰী গাডকাৰীয়ে।
মন্ত্ৰী নীতিন গাডকাৰীৰ উপৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণেও এক্সৰ জৰিয়তে এই খবৰক খণ্ডন কৰিছে। টুইটটোত কয়, ‘NHAI এ স্পষ্ট কৰিব বিচাৰিছে যে এনে কোনো প্ৰস্তাৱ বিবেচনাধীন নহয়। দুচকীয়া বাহনৰ বাবে টোল কৰ প্ৰৱৰ্তনৰ কোনো পৰিকল্পনা নাই।’
উল্লেখ্য যে, অহা ১৫ জুলাইৰ পৰা দুচকীয়া বাহনৰ গৰাকীসকলেও ৰাষ্ট্ৰীয় ঘাইপথেৰে আহিলে টোল কৰি দিব লাগিব বুলি আজি বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিছতে ভাইৰেল হৈ পৰিছিল এই খবৰ।