গুৱাহাটীৰ মঠঘৰীয়াত সংঘটিত হোৱা ভয়াৱহ পথ দুৰ্ঘটনাৰ CCTV দৃশ্যই এতিয়া ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ২৬ এপ্ৰিলৰ পুৱতি নিশা ৪ বজাত এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় তিনিগৰাকী যুৱতী—পূজা সাহা, আকাংক্ষা শইকীয়া আৰু নেহা খান (আৰ্মিনা আহমেদ)। এখন তীব্ৰবেগী চাৰিচকীয়া বাহনে ৰৈ থকা ট্ৰাক এখনত খুন্দা মৰাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হয়।
এই ভয়ংকৰ দুৰ্ঘটনাটোত তিনিওগৰাকী যুৱতীয়ে লগে লগে নিজৰ প্ৰাণ হেৰুৱায়। দুৰ্ঘটনাটোৰ সময়ত বাহনখন চলাই আহিছিল ছামিম আহমেদ নামৰ এজন যুৱকে। পিছে অভিযোগ অনুসৰি, বাহনখনৰ চালকজনে দুৰ্ঘটনাটোৰ পিছতেই ঘটনাস্থলীৰ পৰা পলায়ন কৰে। লগতে তেওঁৰ নিজৰ ফোনটোও বন্ধ কৰি আত্মগোপন কৰে।CCTV ফুটেজত দেখা গৈছে যে দুৰ্ঘটনাটোৰ মাত্ৰ ১৮ ছেকেণ্ডৰ পিছতেই এখন আৰক্ষীৰ বাহন সেই স্থানৰ মাজেৰে পাৰ হৈ যায়, আনকি কিছু সময় ৰৈ পিছত গুচি যায়।
জানিব পৰা মতে, মৃত যুৱতীকেইগৰাকীয়ে শনিবাৰে নিশা গুৱাহাটীৰ মাছখোৱাৰ এটা কমেডি শ্ব’ত উপভোগ কৰি আহিছিল। নিশা ৯ বাজি ৫০ মিনিটত অনুষ্ঠানটো শেষ হোৱাৰ পিছত তেওঁলোকে ৪ বজাৰ দুৰ্ঘটনাটোৰ পূৰ্বলৈকে ক’ত আছিল, সেই সন্দৰ্ভতো অস্পষ্টতা ঘণীভূত হৈ আছে।
প্ৰাথমিক তদন্তত ধাৰণা কৰা হৈছে যে গাড়ীখনৰ এয়াৰবেগ মুকলি হোৱাৰ বাবে চালকজন প্ৰাণৰক্ষা পৰিছিল আৰু সেই সুযোগতে পলায়ন কৰিছিল।এতিয়াও সন্ধান উলিয়াব পৰা নাই মহানগৰীৰ মঠঘৰীয়াৰ দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা চালকৰ।এই দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ভুক্তভোগীৰ বাহনখন একেবাৰে তচনচ হৈ গৈছিল। গীতানগৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।









